জাপানত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, ভাৰত-জাপান বাৰ্ষিক সন্মিলনত অংশগ্ৰহণ কৰিব মোদীয়ে

0

দুদিনীয়া ভ্ৰমণসূচীৰে জাপানত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। টকিঅ’ত হ’বলগীয়া পঞ্চদশ ভাৰত-জাপান বার্ষিক শীর্ষ সন্মিলনত অংশ লোৱাৰ উদ্দেশ্যে এই যাত্ৰা প্রধানমন্ত্রীগৰাকীৰ। ১৫ সংখ্যক ভাৰত-জাপান বাৰ্ষিক সন্মিলনত অংশ লোৱাৰ লগতে প্ৰধানমন্ত্ৰী মোদী একাধিক আলোচনাত মিলিত হ’ব জাপানৰ প্ৰধানমন্ত্ৰীৰ সৈতে।জাপানত উপস্থিত হোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক টকিঅ’ বিমানবন্দৰত উষ্ম আদৰণিৰ লগতে গায়ত্ৰী মন্ত্ৰৰে আদৰিলে একাংশ জাপানী লোকে। হাতত ত্ৰিৰংগা লৈ প্ৰধানমন্ত্ৰীক আদৰণি জনোৱা দেখা গ’ল প্ৰবাসী ভাৰতীয়সকলে।

২০১৪ চনত কাৰ্যভাৰ গ্ৰহণ কৰাৰ পৰা এয়া হৈছে প্ৰধানমন্ত্ৰী মোদীৰ অষ্টমটো জাপান ভ্ৰমণ, য’ত প্ৰধানমন্ত্ৰীগৰাকীয়ে জাপানৰ সৈতে ভাৰতৰ দ্বিপাক্ষিক সম্বন্ধ, অংশীদাৰিত্ব, বাণিজ্য, বিনিয়োগ, শক্তি, আন্তঃগাঁথনি আৰু প্ৰযুক্তিগত খণ্ডৰ বিষয়ে কেইবাখনো চুক্তি সম্পাদিত কৰাৰ সম্ভাৱনা আছে। প্ৰধানমন্ত্ৰী মোদীৰ এই ভ্ৰমণত জাপানৰ আন কেইবাজনো ৰাজনৈতিক নেতাৰ লগতে জাপানত থকা ভাৰতৰ বন্ধুৰ সৈতেও মত বিনিময় কৰা হ’ব। জাপান আৰু ভাৰতীয় উদ্যোগৰ মূল ব্যক্তিসকলৰ সৈতে ব্যৱসায়িক নেতাৰ মঞ্চতো অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

Leave A Reply

Your email address will not be published.