আজি ভাৰতীয় ৰাজনীতিৰ আদৰ্শ অটল বিহাৰী বাজপেয়ীৰ মৃত্যু বাৰ্ষিকী

0

আজি সমগ্ৰ দেশজুৰি ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা ভাৰতীয় ৰাজনীতিৰ মহীৰূহ অটল বিহাৰী বাজপেয়ীৰ নৱম সংখ্যক মৃত্যুবার্ষিকী গভীৰ শ্ৰদ্ধাৰে পালন কৰা হৈছে। দেশৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন অনুষ্ঠানত অটল বিহাৰী বাজপেয়ীক শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰি তেওঁৰ কৰ্মৰাজি তথা তেওঁৰ জীৱন দৰ্শনক স্মৰণ কৰা হৈছে ।অটল বিহাৰী বাজপেয়ী ভাৰতীয় ৰাজনীতিত “আদৰ্শৰ প্ৰতীক” হিচাপে পৰিগণিত। তেওঁ ৰাজনৈতিক জীৱনত নিজৰ মাধুৰ্য্যপূৰ্ণ ভাষণ, দূৰদৰ্শী চিন্তাধাৰা আৰু সকলো ধৰ্মৰ প্ৰতি সমান ভক্তিয়ে কোটি কোটি নাগৰিকৰ হৃদয় জয় কৰিছিল। তেওঁ ভাৰতৰ বিদেশ নীতিৰ ক্ষেত্ৰত অশেষ সাফল্য অৰ্জন কৰিছিল। বিশেষকৈ লাহোৰ বাছ যাত্ৰা, কাৰ্গিল যুদ্ধৰ সময়ত তেওঁৰ দৃঢ় নেতৃত্ব আৰু পৰমাণু পৰীক্ষাৰ দৰে ঐতিহাসিক পদক্ষেপে দেশৰ গৌৰৱ বৃদ্ধি কৰিছিল।

তেওঁ তিনিবাৰকৈ ভাৰতৰ প্ৰধানমন্ত্ৰীৰ পদ অলংকৃত কৰিছিল। ১৯৯৬ চনত প্ৰথমবাৰ ১৩ দিনৰ বাবে, তাৰপিছত ১৯৯৮-৯৯ আৰু তাৰপাছত ১৯৯৯-২০০৪ চনলৈ পূৰ্ণ ম্যাদকালীন চৰকাৰ চলাইছিল। ৰাজনীতিৰ লগতে তেওঁ এজন অগ্ৰণী কবি আৰু সাহিত্যিকও আছিল। তেওঁৰ কবিতাত দেশপ্ৰেম, মানবতা আৰু জীৱনৰ গভীৰ দর্শনৰ প্ৰতিফলন পোৱা যায়।

প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে দীৰ্ঘদিনীয়া অসুস্থতাৰ অন্তত ৯৩ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিছিল। ২০১৮ চনৰ ১৬ আগষ্টত দিল্লীৰ এইমছত চিৰদিনৰ বাবে চকু মুদিছিল প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে। ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিষ্ঠাপক সদস্য আছিল অটল বিহাৰী বাজপেয়ী । তেওঁক ১৯৯২ চনত পদ্ম বিভূষণ আৰু ২০১৫ চনত ভাৰতৰত্ন প্ৰদান কৰা হৈছিল ।

আজি তেওঁৰ মৃত্যু বাৰ্ষিকীৰ দিনটোত ৰাজধানী দিল্লীৰ ৰাজঘাটৰ কাষতেই থকা “অটল স্মৃতি স্থলত” ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মু, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মন্ত্রীসভাৰ সদস্যসকল তথা বিভিন্ন ৰাজনৈতিক দলৰ নেতাসকলে পুষ্পাঞ্জলি অৰ্পণ কৰি ৰাজনীতিবিদ গৰাকী লৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।

এইজনা মহান মহিষীৰ মৃত্যু বাৰ্ষিকীৰ দিনটোত আমিও Dnews আৰু Dnortheastৰ তৰফৰ পৰা তেওঁলৈ জনালোঁ সশ্ৰদ্ধ শ্ৰদ্ধাঞ্জলি ।

Leave A Reply

Your email address will not be published.