অমস কেবিনেটৰ শেহতীয়া সিদ্ধান্তসমূহ
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত বৃহস্পতিবাৰে লোকসেৱা ভৱনত অসম চৰকাৰৰ কেবিনেট বৈঠক অনুষ্ঠিত হয় । ৰাজ্যৰ সমূহ কেবিনেট মন্ত্ৰীৰ উপস্থিতিত অনুষ্ঠিত এই কেবিনেট বৈঠকত ৰাজ্য তথা ৰাজ্যবাসীৰ সৰ্বাংগীন উন্নয়নৰ ক্ষেত্ৰত কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় । ভূমি অধিকাৰ, গ্ৰন্থ বৰ্ষ উদযাপন, বিনিয়োগ উৎসাহ, অংগনৱাড়ী কৰ্মীৰ বিষয় সামৰি বহুকেইটা দিশত লোৱা সিদ্ধান্ত সমূহৰ খাতিয়ান দাঙি ধৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।
১. বৃদ্ধি কৰা হ’ল ৰাজ্যৰ অংগনৱাড়ী কৰ্মীৰ প্ৰমোচনৰ বয়স
২. অসমৰ ঔদ্যোগিক আৰু বিনিয়োগ নীতি, ২০১৯ৰ অধীনত ৪ টা কোম্পানীলৈ সাহায্য ঘোষণা
৩. মিছন বসুন্ধৰা ৩.০ৰ অধীনত ভূমি আৱণ্টনৰ অনুমোদন
৪. বি টি আৰত উন্নয়ন খণ্ডৰ পুনৰ্গঠন আৰু নামাকৰণৰ সিদ্ধান্ত
৫. ৰাজ্যৰ ১০০০ গৰাকী যুৱ লেখকলৈ ২৫,০০০কৈ টকাৰ অনুদান ঘোষণা
৬. গ্ৰন্থমেলা অনুষ্ঠিত কৰিবলৈ জিলা আৰু সমজিলা সমূহলৈ বিত্তীয় সাহায্য ঘোষণা
৭. চৰকাৰী কৰ্মচাৰীলৈ গ্ৰন্থ ক্ৰয়ৰ বাবে ১০০০ টকাৰ অনুদান
৮. ১২লাখ লোকলৈ ভূপেন হাজৰিকাৰ জীৱন আধাৰিত গ্ৰন্থ প্ৰেৰণৰ সিদ্ধান্ত
ইয়াৰ উপৰিও অসম বন সুৰক্ষা বাহিনী আৰু বন্যপ্ৰাণী শাখাৰ ফ্ৰণ্ট লাইন কৰ্মচাৰীসকলৰ মাহেকীয়া ৰেচন ভাট্টা বৃদ্ধিৰ লগতে মাজুলী, ডিফু, কলিয়াবৰ, শিলচৰ, আমিনগাঁও আৰু বঙাইগাঁৱত জিলা বিজ্ঞান কেন্দ্ৰ তথা তাৰকাগৃহ নিৰ্মাণৰ সিদ্ধান্তত অনুমোদন জনায় ৰাজ্য চৰকাৰে ।