ভাৰতৰ ৰাষ্ট্ৰপতি জগদ্বীপ ধনখড়ৰ পদত্যাগৰ সিদ্ধান্ত গ্ৰহণ
ৰাজ্যসভাৰ বৰ্ষাকালীন অধিৱেশনৰ প্ৰথম দিনটোত অধ্যক্ষতা কৰি ৰাজ্যসভাৰ নৱ নিযুক্ত সদস্যসকলক শপত বাক্য পাঠ কৰোৱায় উপ ৰাষ্ট্ৰপতি জগদ্বীপ ধনখড়ে । সদনৰ ব্যৱসায়িক পৰামৰ্শদাতা সমিতিৰ বৈঠকতো অংশগ্ৰহণ কৰিছিল উপ ৰাষ্ট্ৰপতিগৰাকীয়ে । কেইঘণ্টামানৰ পিছতেই সকলোকে স্তম্ভিত কৰি তেওঁ ল’লে এক আচৰিত সিদ্ধান্ত । কাৰ্যকাল শেষ হোৱাৰ দুবছৰ পূৰ্বেই তৎক্ষণাত কাৰ্যকৰী হোৱাকৈ জগদ্বীপ ধনখড়ে পদত্যাগ ঘোষণা কৰে। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুলৈ তেওঁ পদত্যাগ পত্ৰ প্ৰেৰণ কৰি “স্বাস্থ্যসেৱাক অগ্ৰাধিকাৰ দিবলৈ আৰু চিকিৎসকৰ পৰামৰ্শ মানি চলিবলৈ” পদত্যাগ কৰা বুলি পত্ৰখনত উল্লেখ কৰে। তেওঁ লিখিছে, যে‘ সংবিধানৰ ৬৭(ক) অনুচ্ছেদ অনুসৰি তৎক্ষণাত কাৰ্যকৰী হোৱাকৈ মই ভাৰতৰ উপ-ৰাষ্ট্ৰপতি পদৰ পৰা পদত্যাগ কৰিছো । আজি গৃহ পৰিক্ৰমা মন্ত্ৰণালয়ে তাৎক্ষণিক ভাৱে কাৰ্যকৰী হোৱাকৈ উপ ৰাষ্ট্ৰপতি জগদীপ ধনখৰৰ পদত্যাগ পত্ৰ ৰাজ্যসভালৈ প্ৰেৰণ কৰে ।
উল্লেখযোগ্য যে, মঙ্গলবাৰে বিয়লি ৩.৫৩ বজাত চৰকাৰৰ এক বিবৃতিত কোৱা হৈছিল যে বুধবাৰে উপ ৰাষ্ট্ৰপতি জগদীপ ধনখৰে জয়পুৰ ভ্ৰমণ কৰিব । বিয়লি ৩.৩০ বজালৈ নিজ কৰ্মতেই ব্যস্ত হৈ থকা উপ ৰাষ্ট্ৰপতি গৰাকীয়ে কিয় এনে হঠকাৰী সিদ্ধান্ত গ্ৰহণ কৰিলে, সেইয়া এতিয়াও ৰহস্যৰ আৱৰ্তত ।