দেওবাৰৰ পৰা নীলাচলৰ বুকুত মহা অম্বুবাচী মেলা

0

দেওবাৰৰ পৰা আৰম্ভ হ’ব মহা অম্বুবাচী মেলা । অম্বুবাচী মেলা হৈছে ভক্তি আৰু আধ্যাত্মিকতাৰ এক মহা উৎসৱ । আই বসুমতী ৰজস্বলা হোৱা প্রাচীন মাতৃপূজা শক্তিৰ আৰাধনা, উর্বৰা তথা প্রজনন শক্তিৰ এটি মনোৰম নিদর্শন হৈছে মহা অম্বুবাচী মেলা ।

২০২৫ বৰ্ষৰ অম্বুবাচী মেলা অনুষ্ঠিত হ’ব ২২ জুনৰ পৰা ২৬ জুনলৈ । ২২জুনৰ পৰা ২৫ জুনলৈ মন্দিৰ বন্ধ থাকিব । দেৱীৰ পবিত্ৰ স্নানৰ জৰিয়তে ২৬ জুনৰ পুৱা ভক্তৰ বাবে পুনৰ মন্দিৰ খুলি দিয়া হ’ব । এই উৎসৱে কামাখ্যা দেৱীৰ বার্ষিক ৰজস্বলা কালক সূচায় । এই উৎসৱক দেৱীৰ উর্বৰা শক্তিৰ পবিত্ৰ ৰূপ হিচাপে উদযাপন কৰা হয়  । দেশ বিদেশৰ বিভিন্ন ভক্ত, সাধক, তান্ত্ৰিক, সন্ন্যাসী আৰু লাখে লাখে দৰ্শনাৰ্থীয়ে এই উৎসৱৰ সময়ত কামাখ্যা ধামত ভীৰ কৰা পৰিলক্ষিত হয় ।

অসম চৰকাৰে ঘোষণা কৰা নিৰ্দেশনা অনুসৰি দৰ্শনাৰ্থীসকলে মন্দিৰ চৌহদৰ ভিতৰত জোতা-চেণ্ডেল পৰিধান কৰিব নোৱাৰিব, লগতে পৰিস্কাৰ-পৰিচ্ছন্নতা বজাই ৰাখিবলৈ অনুৰোধ জনোৱা হৈছে। উল্লেখ্য যে, ২০২৪ বৰ্ষৰ অম্বুবাচী মেলাত নীলাচলৰ বুকুত আগমণ ঘটিছিল ৭ দিনত প্ৰায় ২৫ লাখ ভক্তৰ। এইবাৰ ভক্তৰ সংখ্যা পূৰ্বতকৈ বৃদ্ধি পাব বুলি আশা কৰিছে কামাখ্যা মন্দিৰৰ দলৈ সমাজে।

Leave A Reply

Your email address will not be published.