চিৰদিনলৈ ধৰা-পৃষ্ঠক বিদায় জনালে ঝাৰখণ্ডৰ “দিশম গুৰু”ৱে
ঝাৰখণ্ড মুক্তি মৰ্চা চমুকৈ JMMৰ প্ৰতিষ্ঠাপক তথা তিনিবাৰকৈ মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হোৱা ৰাজ্যখনৰ বৰ্ষীয়ান নেতা শিবু ছোৰেনে আজি পুৱা শেষ নিশ্বাস ত্যাগ কৰে। দীৰ্ঘদিন ধৰি শাৰীৰিক অসুস্থতাৰ সৈতে যুঁজ দিয়াৰ অন্তত আজি চিৰদিনৰ বাবে ধৰাৰ পৰা বিদায় লয় বয়োজ্যেষ্ঠ ৰাজনীতিবিদগৰাকীয়ে। বিগত কিছুদিনৰ পৰা শিবু সোৰেণ দিল্লীৰ গংগাৰাম হাস্পতালত চিকিৎসাধীন হৈ আছিল আৰু চিকিৎসাধীন অৱস্থাতে আজি পুৱা নেতা গৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰে। শিবু ছোৰেনৰ পুত্ৰ তথা ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনে সামাজিক মাধ্যমত এক পোষ্ট শ্বেয়াৰ কৰি পিতৃৰ মৃত্যুৰ কথা সদৰি কৰে । লগতে হেমন্ত সোৰেণে পিতৃ শিবু সোৰেণৰ মৃত্যুৱে তেওঁক শূণ্য কৰি পেলালে বুলি উল্লেখ কৰিছে ।
VO- ঝাৰখণ্ডৰ ৰাজ্য গঠন আন্দোলনত অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছিল শিবু ছোৰেনে। ১৯৭০ দশকত তেওঁ ৰাজনীতি আৰম্ভ কৰিছিল । তেতিয়াই তেওঁ আদিবাসীসকলৰ ভূমি অধিকাৰ আৰু সামাজিক ন্যায়ৰ বাবে আন্দোলন আৰম্ভ কৰিছিল। ১৯৭২ চনত তেওঁ “ঝাৰখণ্ড মুক্তি মৰ্চা” গঠন কৰে। এই দলৰ মূল উদ্দেশ্য আছিল পৃথক ঝাৰখণ্ড ৰাজ্য গঠন আৰু আদিবাসীসকলৰ অধিকাৰ ৰক্ষা। বহু বছৰৰ সংগ্রামৰ অন্তত ২০০০ চনত ঝাৰখণ্ডে পৃথক ৰাজ্যৰ হিচাপে স্বীকৃতি লাভ কৰে, ঝাৰখণ্ডৰ এই স্বীকৃতিত শিবু সোৰেনৰ অবদান আছিল অতি গুৰুত্বপূর্ণ।শিবু সোৰেনে তিনিবাৰকৈ ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। অৱশ্যে মুখ্যমন্ত্ৰী হিচাপে তেওঁ এবাৰো কাৰ্যকাল সম্পূৰ্ণ কৰিব নোৱাৰিলে। তেওঁ ২০০৫ চনত ঝাৰখণ্ডৰ তৃতীয় মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিছিল। প্ৰথম কাৰ্যকালত তেওঁ মাত্ৰ ১০ দিন মুখ্যমন্ত্ৰীৰ আসনত আছিল। ইয়াৰ পিছত ২০০৮ চনত দ্বিতীয় কাৰ্যকালত প্ৰায় এবছৰ আৰু তৃতীয় কাৰ্যকালত কেইমাহমান মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব পালন কৰিছিল শিবু ছোৰেনে।
কেন্দ্ৰীয় ৰাজনীতিতো এজন অতি সফল ৰাজনীতিবিদ হিচাপে স্বীকৃতি লাভ কৰিছিল শিবু ছোৰেন। তেওঁ ১৯৮০ চনত প্ৰথমবাৰৰ বাবে সাংসদ হিচাপে নিৰ্বাচিত হয় । ইয়াৰ পিছত ১৯৮৬, ১৯৮৯, ১৯৯১ আৰু ১৯৯৬ চনত ধাৰাবাহিকভাৱে জয়লাভ কৰে। তেওঁ তিনিবাৰকৈ কেন্দ্ৰত কয়লা মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
ইফালে ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শিবু সোৰেণৰ মৃত্যুৱে সমগ্ৰ দেশতেই শোকৰ ছাঁ পেলাইছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সামাজিক মাধ্যমত শিবু সোৰেণৰ মৃত্যুৰ শোক প্ৰকাশ কৰি কিছু সময়ৰ পিছতেই গংগাৰাম হাস্পতালত উপস্থিত হয় । শিবু সোৰেণৰ নশ্বৰ দেহত শেষ শ্ৰদ্ধাঞ্জলি জনাই প্ৰধানমন্ত্ৰী গৰাকীয়ে শোক সন্তপ্ত পৰিয়ালটিলৈ সমবেদনা জ্ঞাপন কৰে । সমান্তৰালকৈ নিখিল ভাৰতীয় কংগ্ৰেছ কমিটীৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেও গংগাৰাম হাস্পতালত উপস্থিত হৈ বৰ্ষীয়ান নেতাগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰে । ইফালে ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ মৃত্যুৰ শোক প্ৰকাশ কৰি ঝাৰখণ্ড চৰকাৰে ৩ দিনৰ বাবে ৰাজহুৱা শোক ঘোষণা কৰিছে ।