ঘূৰি নহাৰ বাটেৰে গুছি গ’ল সাহিত্যিক উদয়াদিত্য ভৰালী
উদয়াদিত্য ভৰালী আৰু নাই । কাহানিও ঘূৰি নহাৰ প্ৰতিশ্ৰুতি দি এক অজান পথেৰে বহু দূৰলৈ গুচি গ’ল এইগৰাকী বিশিষ্ট চিন্তাবিদ, ইতিহাসবিদ তথা অধ্যাপকে ৷ শনিবাৰে মাত্ৰ ৭৮ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে উদয়াদিত্য ভৰালীয়ে।
কেইবছৰো ধৰি শাৰীৰিকভাৱে অসুস্থ হৈ থকা বিশিষ্ট চিন্তাবিদ উদয়াদিত্য ভৰালীৰ দেহাৱসান। নিয়তিৰ ওচৰত হাৰ মানি যোৱা নিশা প্ৰায় ২.৩০ বজাত গুৱাহাটীৰ নিজৰ বাসগৃহতে শেষ নিশ্বাস ত্যাগ কৰে এইগৰাকী বিশিষ্ট ব্যক্তিয়ে । এইগৰাকী বিশিষ্ট ব্যক্তিৰ বিয়োগত শোকস্তব্ধ হৈ পৰিছে তেওঁৰ আত্মীয় স্বজন তথা পৰিয়ালবৰ্গ ৷ অধ্যাপক উদয়াদিত্য ভৰালীৰ মৃত্য়ুৰ খবৰ পোৱাৰ পাচতে পুৱাৰে পৰা দল সংগঠনৰ লগতে বহু ব্যক্তিয়ে তেওঁৰ বাসগৃহত ভিৰ কৰা পৰিলক্ষিত হৈছে ।
তেওঁ ২০০৩ চনত কটন কলেজৰ অধ্যক্ষ হিচাপে দায়িত্ব গ্ৰহণ কৰা বিশিষ্ট চিন্তাবিদগৰাকীয়ে ২০০৬ চনত অৱসৰ গ্ৰহণ কৰে । বহু বঁটা লাভ কৰা প্ৰয়াত উদয়াদিত্য ভৰালীক শেহতীয়াকৈ পৰাগ কুমাৰ দাস সতীৰ্থ মঞ্চই এইবাৰৰ ‘‘পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা’’ আগবঢ়াইছিল ৷ ইয়াৰ উপৰিও ১৯৯৬ চনত উদয়াদিত্য ভৰালীয়ে ‘‘বেইমানৰ ঠিকনা’’ শীৰ্ষক গল্প সংকলনৰ বাবে অসম সাহিত্য সভাৰ ‘‘বিষ্ণুপ্ৰসাদ ৰাভা বঁটা’’ লাভ কৰিছিল।