বিপদৰ সংকেট ধ্বনি,ফুটি যাব পাৰে জলবোমা

বিপদৰ সংকেট ধ্বনি বাজি উঠিল সোমবাৰে। ফুটি যাব পাৰে জলবোমা…সতৰ্ক কৰি দিলে জনসাধাৰণক। পূৰ্বৰে পৰা আশংকা কৰা হৈছিল ,নদীবান্ধ নহয়, জলবোমা হ’ব নামনি সোৱণশিৰি নদীবান্ধ। বিশেষজ্ঞসকলৰ বিজ্ঞানসন্মত অধ্যয়ন, সতৰ্কবাণী আওকাণ কৰি নিৰ্মাণ কৰা গেৰুকামুখৰ নামনি-সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত জমা হোৱা অতিৰিক্ত পানীয়ে ভয়াৱহ পৰিস্থিতি সৃষ্টি কৰিছে। অৰুণাচলত হোৱা নেৰানেপেৰা বৰষুণৰ বাবে সেই অতিৰিক্ত পানী এৰি দিবলৈ জলবিদ্যুৎ প্ৰকল্পটোৰ মুঠ ৯খন গেট মুকলি কৰি দিবলগীয়া হয়। সোৱণশিৰি নদীয়ে সৰ্বাধিক ১৮৩০০ ঘন মিটাৰ পানী বহন কৰিব পাৰে। এনেদৰে হঠাৎ নদীবান্ধৰ গেট খুলি পানী এৰি দিয়াৰ পাছত প্ৰশাসন আৰু NHPCৰ তৰফৰ পৰা হাই এলাৰ্ট জাৰি কৰা হয়। মাইক যোগেও নৈপৰীয়া ৰাইজক সোৱণশিৰি নদীলৈ নাযাবলৈ আৰু নিৰাপদ স্থানত আশ্ৰয় ল’বলৈ আহ্বান জনায় প্ৰশাসনে।
নামনি সোৱণশিৰি নদীবান্ধৰ পৰা বৃহৎ পৰিমানৰ পানী এৰি দিয়াৰ পাছতে নামনি অংশত এক প্ৰলয়ৰ সৃষ্টি হয়। উল্লেখযোগ্য যে, এই নদীবান্ধ নিৰ্মাণৰ বিৰুদ্ধে এটা সময়ত তীব্ৰ আন্দোলন গঢ় লৈ উঠিছিল। পৰৱৰ্তী সময়ত ৰহস্যজনকভাৱে সেই আন্দোলনকাৰীসকল হেৰাই যায়।
পাহাৰৰ কোমল মাটিত নিৰ্মাণ কৰা নদীবান্ধটোৰ গাৰ্ড ৱাল পৰ্যন্ত বাৰিষাত খহি পৰাৰ উদাহৰণ আছে। পানীৰ তীব্ৰ হেঁচাত এই নদীবান্ধটো কেনেবাকৈ ভাঙি পৰিলে ধেমাজি, লখিমপুৰ মাজুলীকে ধৰি উজনি অসমৰ কেইবাখনো জিলা নিঃশেষ হৈ যাব।