বহুতো গুণসম্পন্ন এবিধ পাত নিমপাত

নিমপাতৰ আছে বহু উপকাৰিতা। নিমপাতৰ উপকাৰিতা সম্পৰ্কে জানিবলৈ দিয়ে বহুতো আয়ুৰ্বেদিক ডাক্তৰ। নিম গছ এবিধ ঔষধি গছ হিচাপে সমাজত পৰিচিত। বিভিন্ন গৱেষণাত নিম গছৰ ঔষধি গুণৰ বিষয়ে উল্লেখ আছে। আমাৰ ছালৰ যদি খজুৱতি হয় তেতিয়া নিমপাত ব্যৱহাৰ কৰা হয়। নিমৰ পাতেৰে গা ধোৱা হয়। ইতিমধ্যে প্ৰমাণিত হৈছে যে নিমত এণ্টি বেক্টেৰিয়েল আৰু এণ্টি ফাংগেল আছে। বিভিন্ন চৰ্মৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে এই দুই উপাদানে।
নিমপাত খালে পেলু নাশ হয়। বিভিন্ন পোক-পৰুৱা, পইতাচোৰা আদিৰ পৰা হাত সাৰিবলৈ বিভিন্ন খাদ্য দ্ৰৱ্যত যেনে চাউল, দাইল আদিৰ লগত নিমপাত মিহলাই থোৱা হয়। দাঁতৰ ক্ষেত্ৰতো নিমৰ পাত আৰু নিম গছৰ ঠাৰি ব্যৱহাৰ কৰা হয়। মুখৰ ভিতৰত ঘাঁ নোহোৱাত সহায় কৰে নিমে। নিমযুক্ত টুথপেষ্ট বা নিম গছৰ ঠাৰিৰে দাঁত মাজিলে দাঁত সুস্থ থকাৰ লগতে মুখৰ ভিতৰত ঘাঁ নোহোৱাত সহায় কৰে।
বিভিন্ন অধ্যয়নৰ পৰা জানিব পৰা গৈছে যে কৰ্কট ৰোগৰ প্ৰতিৰোধতো গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে নিমপাতে। ইয়াৰ উপৰি মেলেৰিয়া ৰোগৰ বিৰুদ্ধে যুঁজ দিব পৰা কিছু উপাদান আছে নিমত। নিমৰ পৰা তৈয়াৰ কৰা তেলে আমাৰ শৰীৰত হোৱা খজুৱতি, ঘাঁ আদি উপশম কৰাত সহায় কৰে। শৰীৰত শৰ্কৰা কমোৱাতো নিমে সহায় কৰে। অৰ্থাৎ ডায়েবেটিচ নিয়ন্ত্ৰণত সহায় কৰে নিমে। মনত ৰাখিবলগীয়া কথাটো হৈছে নিমপাত যদিও ভাল কিন্তু অতিমাত্ৰা নিমপাত খাব নালাগে। নহ’লে শৰীৰত বিভিন্ন ৰোগৰ সৃষ্টি কৰিব পাৰে। যিসকল লোকৰ গেছৰ সমস্যা আছে তেওঁলোকে বেছিকৈ নিম খোৱাটো উচিত নহয়।