২০ জুন, আজি ৰাভা দিৱস

0

আজি ৰাভা দিৱস। কলাগুৰুৰ সৃষ্টিৰাজিৰ চৰ্চাৰে জীপাল ৰাজ্য, গীতে-মাতে স্মৰণ সৈনিক শিল্পীক। একেধাৰে শিল্পী, কবি, সাহিত্যিক, নাট্যকাৰ, সংগীতজ্ঞ, নৃত্যবিদ, চিত্ৰকৰ, অভিনেতা ৰাভা দেৱৰ সৃষ্টিৰাজিৰে জীপাল ৰাজ্যৰ প্ৰতিটো প্ৰান্ত।

১৯০৯ চনৰ ৩১ জানুৱাৰীত বেঙ্গল প্ৰেসিডেন্সি (এতিয়াৰ বাংলাদেশ)-ৰ ঢাকাত বিষ্ণু ৰাভাৰ জন্ম হয়।অসমৰ সংস্কৃতি আৰু কৃষ্টিৰ জগতলৈ বিশেষ অৱদান আগবঢ়োৱা এইগৰাকী ব্যক্তিক কাশীৰ হিন্দু বিশ্ববিদ্যালয়ত প্ৰদৰ্শন কৰা ‘নটৰাজ’ নৃত্যত বিমুগ্ধ হৈ আৰু তেখেতৰ সাংস্কৃতিক বৰঙণিলৈ সন্মান জনাই সেইসময়ৰ হিন্দু বিশ্ববিদ্যালয়ৰ উপাচাৰ্য সৰ্বপল্লী ৰাধাকৃষ্ণণে তেওঁক ‘কলাগুৰু’ সন্মান প্ৰদান কৰিছিল।

তেজপুৰ ঘৰপৰাচুবুৰীস্থিত ‘প্ৰহ্লাদ চন্দ্ৰ দাস স্মৃতি নৃট্যশালা’ৰ শিক্ষাৰ্থীসকলে গীতে-মাতে স্মৰণ কৰে সংস্কৃতিৰ সাধক, সৈনিক শিল্পী,বিষ্ণু ৰাভাক৷ ৰাজ্যৰ আন আন প্ৰান্তত সৈনিক শিল্পীগৰাকীক স্মৰণ কৰি আয়োজন কৰা হয় বিভিন্ন অনুষ্ঠানৰ।

আজি ৰাজ্য জুৰি গীতে মাতে স্মৰণ কৰা হৈছে অসমীয়াৰ প্ৰাণৰ শিল্পী কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাক।উত্তৰ গুৱাহাটীতো বিষ্ণু ৰাভা দিৱসৰ বিস্তৃত কাৰ্যসূচী হাতত লোৱা হয় ।উত্তৰ গুৱাহাটীৰ “মূৰ্চ্ছণা সংগীত বিদ্যাপীঠ”ৰ শিক্ষাৰ্থী সকলে বিষ্ণু ৰাভাৰ কালজয়ী গীতেৰে শ্ৰদ্ধাঞ্জলি নিবেদন কৰে শিল্পী গৰাকীক ।গুৰু অচ্যুত কুমাৰ ঘিমিৰেৰ পৰিচালনাত স্মৰণ কৰা হয় কলাগুৰুক ।

ধেমাজি জিলাৰ মাছখোৱাৰ চৌখাম গাঁৱত চৌখাম ৰাভাজ্যোতি সংঘ আৰু মইনা পাৰিজাতৰ উদ্যোগত আজি আৰু কাইলৈ দুদিনীয়া কাৰ্যসূচীৰে ৪২ সংখ্যক বিষ্ণু ৰাভা দিৱসৰ আয়োজন কৰা হৈছে। ২০ জুনৰ পুৱা উদ্যাপন সমিতিৰ সভাপতি মাধুর্য কোচে পতাকা উত্তোলনেৰে দিৱসৰ শুভাৰম্ভ কৰে।

অসমীয়া সামাজিক-সাংস্কৃতিক তথা জাতীয় জীৱনলৈ অপৰিসীম অৰিহণা আগবঢ়াই থৈ যোৱা বিষ্ণু প্ৰসাদ ৰাভাৰ প্ৰতি সন্মান জনাই প্ৰতিবছৰে ২০ জুন তাৰিখে বিষ্ণু ৰাভা দিৱস পালন কৰা হয়। ১৯৬৯ চনৰ ২০ জুনত তেজপুৰত এইগৰাকী মহান ব্যক্তিয়ে শেষ নিশ্বাস ত্যাগ কৰে।

Leave A Reply

Your email address will not be published.