তিৰুপতি লাৰুত ভেজাল ঘিউ কেলেঙ্কাৰী: কোটি কোটি ভক্তৰ ধৰ্মীয় আৱেগত আঘাত
হিন্দু ধর্মীয় লোকসকলৰ পবিত্ৰ তীৰ্থস্থান তিৰুপতি মন্দিৰত প্ৰসাদ হিচাপে ব্যৱহাৰ কৰা লাৰুত ভেজাল ঘিউ পোৱা ঘটনাই সমগ্ৰ হিন্দু সমাজৰ ধৰ্মীয় লোকসকলৰ আৱেগত গভীৰ আঘাত হানিছিল। পৱিত্ৰ প্ৰসাদৰ বিশুদ্ধতা লৈ বহু ভক্তই সন্দেহ উত্থাপন কৰে।

যোৱা বছৰ এই লাৰুত ভেজাল ঘিউ ব্যৱহাৰৰ ঘটনা পোহৰলৈ অহাৰ পিছত তদন্ত আৰম্ভ হৈছিল। এই তদন্তত চমকপ্ৰদ তথ্য প্ৰকাশ পাইছে তিৰুপতি মন্দিৰত প্ৰসাদ হিচাপে আগবঢ়োৱা প্ৰায় ২০ কোটি লাৰু ভেজাল ঘিউৰে তৈয়াৰ কৰা হৈছিল।
তিৰুমালা তিৰুপতি দেৱস্থানমৰ অধ্যক্ষ বি আৰ নাইডুৰ মতে, ২০১৯ৰ পৰা ২০২৪ চনৰ ভিতৰত মন্দিৰত ৪৮.৭৬ কোটি লাৰু প্ৰসাদ হিচাপে আগবঢ়োৱা হৈছিল। দৈনিক ভক্তৰ ভিৰ, সামগ্ৰী ক্ৰয়-বিক্ৰয় আৰু উৎপাদনৰ ওপৰত ভিত্তি কৰি এই সংখ্যা নিৰ্ধাৰণ কৰা হৈছে। যোৱা বছৰৰ এই কেলেঙ্কাৰীয়ে লাখ লাখ ভক্তৰ ধৰ্মীয় আবেগত আঘাত দিছিল।
এই ঘটনাৰ তদন্তত নিযুক্ত চি বি আইৰ বিশেষ দল (SIT) এ উদ্ধাৰ কৰিছে যে ‘পাম অইল’ আৰু আন বিষাক্ত পদাৰ্থ মিশ্ৰণ কৰি প্ৰায় ৬৮ লাখ কিলোগ্ৰাম ভেজাল ঘিউ প্রস্তুত কৰা হৈছিল। এই ঘিউৰে প্ৰস্তুত কৰা প্ৰায় ২০ কোটি লাৰুৰ মূল্য প্ৰায় ২৫০ কোটি টকা। উত্তৰাখণ্ডৰ ‘ভোলে বাবা ডেইৰী’ আৰু ইয়াৰ সহযোগী কোম্পানীয়েই এই ভেজাল ঘিউ যোগান দিছিল।
আনহাতে ২০১৯-২৪ বৰ্ষৰ সময়ছোৱাত প্ৰায় ১১ কোটি ভক্ত তিৰুপতি ভ্ৰমণ কৰিছে। কিন্তু কোন কোন ভক্তই এই ভেজাল লাৰু গ্ৰহণ কৰিছিল সেইটো এতিয়াও প্ৰমাণিত হোৱা নাই। ভি ভি আই পিসকললৈ দিয়া লাৰুৰো এতিয়ালৈকে সঠিক তালিকা চিনাক্ত কৰিব পৰা নাই।
ইতিমধ্যে, এই সন্দর্ভত টি টি ডিৰ প্রাক্তন অধ্যক্ষ আৰু ৱাই এছ আৰ চি পিৰ প্রাক্তন সাংসদ ৱাই ভি চুব্বা ৰেড্ডীকো এছ আই টিয়ে জেৰা কৰিছে।