তেজপুৰৰ বালিপুখুৰীত ৬৮ তম ৰাস মহোৎসৱ
ঐতিহ্যমণ্ডিত তেজপুৰৰ বালিপুখুৰী তিনিআলিৰ ৬৮ তম ৰাস মহোৎসৱৰ বিশাল আয়োজন। প্ৰতিবছৰৰ দৰে এইবাৰো শৰতৰ এই শাৰদীয় বতৰত ৰাজ্যৰ ভিন্ন প্ৰান্তে প্ৰান্তে ব্যতিক্ৰম ভাৱে দেখা গৈছে শ্রী কৃষ্ণৰ ৰাস মহোৎসৱ।
এই ৰাস মহোৎসৱৰ আৰম্ভণিতে প্ৰাণৰ শিল্পী গৰাকীৰ “মায়াবিনী” গীতেৰে আৰম্ভ কৰা হয় এই ৰাসৰ মূল ভাওনাখন।

তাৰ পাছতেই পৰিৱেশন কৰে ৰাধা-কৃষ্ণ নৃত্যৰ লগতে আই মাতৃ সকলৰ দ্বাৰা পৰিৱেশিত গোপী নৃত্য।
উলেখ্য যে, তেজপুৰৰ বালিপুখুৰী তিনিআলিৰ ৰাস মহোৎসৱ যি সমিতিয়ে আয়োজন কৰিছে তাক লৈ অঞ্চলটোৰ ৰাইজে মিলি মণ্ডপটো আতক ধুনীয়াকৈ সজাই তুলিছে আৰু এই মূল ৰাসখনৰ কেলিগোপাল নাটকখনৰ আধাৰত শ্ৰীকৃষ্ণৰ ৰাস লীলাৰ প্ৰাৰম্ভিক কাৰ্যসূচী সেইয়া পৰম্পৰা আজিলৈকে ৰক্ষা কৰি আহিছে তাৰ লগতে জুবিন গাৰ্গৰ সোঁৱৰণিৰ নামত প্ৰথম, দ্বিতীয় আৰু তৃতীয় শ্ৰেষ্ঠ পুৰস্কাৰৰ লগতে একোজোৰ কৈ পাটৰ কাপোৰ আৰু শৰাই আগবঢ়াই পুৰস্কাৰৰ আয়োজন কৰিছে সমিতিৰ লোকসকলে।