“তিঁয়হ ৰসৰ স্বাস্থ্য উপকাৰিতা আৰু সঠিক খোৱাৰ সময়”
গ্ৰীষ্মৰ তাপত গৰম কমাবলৈ আৰু শৰীৰক শীতল ৰাখিবলৈ ঘৰুৱা উপায়বোৰৰ ভিতৰত তিঁয়হৰ ৰস অতি জনপ্ৰিয়। ডাঃ উপাসনা বহৰাই কৈছে — “স্বাস্থ্যই মানুহৰ আটাইতকৈ ডাঙৰ সম্পদ। ইয়াক সুস্থভাৱে বজাই ৰাখিবলৈ সঠিক খাদ্যাভ্যাস, নিয়মীয়া কৈ ব্যায়াম আৰু প্ৰাকৃতিক খাদ্য অতি প্ৰয়োজনীয়।”
তিঁয়হৰ ৰস কেৱল পনীয় হিচাপে নহয়, ঘৰুৱা ঔষধ হিচাপেও গণ্য কৰা হয়। ইয়াত আঁহ, ভিটামিন আৰু খনিজ পদাৰ্থ প্ৰচুৰ হোৱাত বহু ধৰণৰ স্বাস্থ্য সমস্যাৰ পৰা ৰক্ষা কৰে।

তিঁয়হ ৰসৰ ৫টা মুখ্য উপকাৰিতা:
ওজন নিয়ন্ত্ৰণত সহায় – তিঁয়হৰ ৰসত কেলৰিৰ পৰিমাণ অতি কম আৰু আঁহ বেছি থাকে। ফলত পেট ভৰি থকা অনুভৱ হয় আৰু ভোক নিয়ন্ত্ৰণ হয়। ওজন কমাব বিচৰা লোকৰ বাবে ৰাতিপুৱা খালী পেটত তিয়হৰ ৰস খোৱাটো আটাইতকৈ লাভজনক।
হজম শক্তি বঢ়ায় – ই পেট গৰম হোৱা সমস্যা দূৰ কৰে আৰু কোষ্ঠকাঠিন্য সমস্যাৰ পৰা মুক্তি দিয়ে। দৈনিক সেৱনে হজম শক্তি বৃদ্ধি কৰে।
হৃদযন্ত্ৰৰ বাবে উপকাৰী – ইয়াত থকা খনিজ পদাৰ্থে ৰক্তচাপ নিয়ন্ত্ৰণত সহায় কৰে আৰু হৃদযন্ত্ৰক শক্তিশালী কৰি ৰাখে। বিশেষকৈ উচ্চ ৰক্তচাপ থকা লোকে নিয়মীত ভাৱে খালে নিয়ন্ত্ৰণ হয় থাকে।
ছালৰ যত্নত সহায়ক – তিঁয়হৰ ৰসে শৰীৰৰ ভিতৰৰ বিষাক্ত পদাৰ্থ কৰি উলিয়াই দিয়ে। নিয়মীয়াকৈ খোৱা কৰিলে ছালৰ ৰং জিলিকি উঠে। ৰাতিপুৱা খালী পেটত বা ৰাতি শুৱাৰ আগত খালে ছালৰ বাবে বেছি উপকাৰী।
ডিটক্স ড্ৰিংক হিচাপে কাম কৰে – ই শৰীৰত জমা হোৱা বিষাক্ত পদাৰ্থ আঁতৰাই যকৃতক সুস্থ ৰাখে। নিয়মীয়াকৈ খালে শৰীৰত তেজ পৰিষ্কাৰ হয়।
কেতিয়া খালে সৰ্বাধিক উপকাৰী?
ডাক্তৰৰ মতে, ৰাতিপুৱা খালী পেটত তিঁয়হৰ ৰস খোৱাটো আটাইতকৈ ভাল। ইচ্ছা কৰিলে দিনটো খাব পাৰে, কিন্তু ৰাতি শুৱাৰ আগত খালে অতি লাভ হয়।