বৰ্তমানেও অনিশ্চয়তাৰ গৰ্ভত ভাৰত-আমেৰিকা বাণিজ্য চুক্তি
দীর্ঘদিন ধৰি চলি অহা ভাৰত–আমেৰিকা বাণিজ্য চুক্তিৰ ভবিষ্যৎ এতিয়াও অনিশ্চিত হৈ আছে, কিয়নো ১ আগষ্টৰ সময়সীমা চমু চাপি আহিছে যদিও চুক্তি এতিয়াও চূড়ান্ত কৰা হোৱা নাই।যাৰ পৰিপ্ৰেক্ষিতত, আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পে ইংগিত দিছে যে, চুক্তি সম্পাদন নহ’লে ভাৰতীয় সামগ্ৰীৰ ওপৰত ২০-২৫% শুল্ক আৰোপ কৰা হ’ব পাৰে। দুয়োপক্ষৰ মাজত চুক্তিৰ আলোচনা ইতিমধ্যে সম্পন্ন হৈছে আৰু চূড়ান্ত সিদ্ধান্ত ৰাষ্ট্ৰপতি ট্রাম্পৰ অনুমোদনৰ বাবে ৰখা হৈছে। আমেৰিকাৰ বাণিজ্য সচিব হাওাৰ্ড লাটনিক, বাণিজ্য প্ৰতিনিধি জেমিচন গ্ৰীয়াৰ আৰু ভাৰতৰ বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীযুষ গয়েল ইতিমধ্যে এই চুক্তিৰ অনুমোদন দিছে। তথাপি, চূড়ান্ত সিদ্ধান্তটো ৰাষ্ট্ৰপতিৰ হাতত থকাত, তেওঁ ব্যক্তিগতভাৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে কথা পাতিবলৈ ইচ্ছা প্ৰকাশ কৰিছে।
ট্ৰাম্পৰ “তেওঁৰ বন্ধু” মোদীৰ সৈতে কথা পাতিব বিচৰা কথা ভাৰত চৰকাৰে আগতেই জানিবলৈ পাইছে। যদিও, প্ৰধানমন্ত্ৰী মোদী বৰ্তমান সংসদৰ বৰ্ষাকালীন অধিবেশনত ব্যস্ত থাকোতে, দুখন দেশৰ চৰকাৰে এই যোগাযোগ কৰিবলৈ চেষ্টা কৰি আছে। ইউৰোপৰ পৰা ঘূৰি আহি থকা সময়ত সাংবাদিকৰ সৈতে কথা পাতি ট্ৰাম্পে কয়: “ভাৰত সদায় আমাৰ ভাল বন্ধু আছিল। কিন্তু ইমান বছৰৰ পৰা তেওঁলোকে বহুত উচ্চ শুল্ক লৈছে। এতিয়া মই ৰাষ্ট্ৰপতি, আৰু এইটো হ’ব নোৱাৰে।” ট্ৰাম্পে উল্লেখ কৰে যে, নতুন চুক্তি অনুসৰি ভাৰতীয় সামগ্ৰীৰ ওপৰত ২০-২৫% পৰ্যন্ত শুল্ক আৰোপ হ’ব পাৰে। তেওঁ কয়, “হয়, মোৰ মনে হয় তেনেকুৱা হ’ব।” তেওঁ মোদীৰ সৈতে নিজৰ সম্পৰ্কৰ কথা পুনৰ উল্লেখ কৰে আৰু কয় যে, ভাৰত–পাকিস্তানৰ যুদ্ধ শেষ কৰাত তেওঁ ভূমিকা লৈছিল। ”তেওঁলোকে মোৰ অনুৰোধত যুদ্ধ শেষ কৰিছিল, পাকিস্তানেো একে কাম কৰিছিল। এইটো মহান আছিল।”
যদি ১ আগষ্টৰ আগতে মোদী আৰু ট্ৰাম্পৰ কথোপকথন নহয়, তেন্তে এই চুক্তি পুনৰ পিচ পৰিব পাৰে—অথবা ভাৰতীয় সামগ্ৰীৰ ওপৰত উচ্চ শুল্ক আৰোপৰ দিশে আগবাঢ়িব পাৰে। দুখন দেশৰ ব্যৱসায়িক গোটসমূহে চোকা নজৰ ৰাখিছে আৰু আশাবাদী যে, সময়ৰ আগতেই সমাধান ওলাব।