অৱশেষত পোহৰলৈ আহিল আহমেদাবাদ বিমান দুৰ্ঘটনাৰ প্ৰাৰম্ভিক তদন্তৰ প্ৰতিবেদনৰ তথ্য

0

অৱশেষত পোহৰলৈ আহিছে আহমেদাবাদৰ এয়াৰ ইণ্ডিয়া বিমান দুৰ্ঘটনাৰ প্ৰাৰম্ভিক তদন্তৰ প্ৰতিবেদনৰ তথ্য । Enhanced airborne flight recorderৰ তথ্য অনুসৰি ককপিটৰ ভইচ ৰেকৰ্ডিঙত পাইলট দুজনৰ কথোপকথন শুনিবলৈ পোৱা‌ গৈছে । য’ত এজন পাইলটে আনজনক ইঞ্জিনৰ ইন্ধন কিয় কাটিলে বুলি সুধি থকা শুনা গৈছে। আনহাতে আনজন পাইলটে তেনে কৰা নাই বুলি উত্তৰ দিছিল। প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে বয়িং ৭৮৭-৮ ড্ৰিমলাইনাৰৰ দুয়োটা ইঞ্জিন উৰণৰ কিছু সময়ৰ পিছতে এক চেকেণ্ডৰ ব্যৱধানত বন্ধ হৈ পৰে।  ইয়াৰ ফলত বিমানখন দ্ৰুতগতিত উচ্চতা হেৰুৱাই আহমেদাবাদৰ চৰ্দাৰ বল্লভভাই পেটেল আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ সীমাৰ সমীপত দুৰ্ঘটনাগ্ৰস্ত হয়।

প্ৰতিবেদন অনুসৰি, প্ৰায় ১.৩৮ মিনিটত বিমানখনৰ ইঞ্জিন ১ আৰু ইঞ্জিন ২ৰ ইন্ধন কাটঅফ চুইচবোৰ এটাৰ পিছত এটাকৈ ‘RUN’ৰ পৰা ‘CUTOFF’ অৱস্থালৈ পৰিৱৰ্তন হৈছিল । ইন্ধনৰ যোগান বন্ধ হৈ পৰাৰ বাবে ইঞ্জিন N1 আৰু N2 ৰ টেক-অফৰ মান হ্ৰাস পাবলৈ আৰম্ভ কৰিছিল ।

ইয়াৰ উপৰিও প্ৰতিবেদনত কোৱা হৈছে যে Enhanced airborne flight recorderৰ পৰা ডাউনলোড কৰা তথ্য বিতংভাৱে বিশ্লেষণ কৰা হৈছে। বি৭৮৭-৮ বিমানখনৰ ইঞ্জিনৰ বাবে কোনো তাৎক্ষণিক সুৰক্ষা ব্যৱস্থা গ্ৰহণৰ পৰামৰ্শ দিয়া হোৱা নাছিল।

ইফালে, তদন্তৰ অংশ হিচাপে বয়িঙৰ ইন্ধন নিয়ন্ত্ৰণ চুইচত সম্ভাৱ্য ত্ৰুটি সন্দৰ্ভত আমেৰিকাৰ ফেডাৰেল এভিয়েশন এডমিনিষ্ট্ৰেচনে ২০১৮ চনতেই সুৰক্ষা সতৰ্কবাণী প্ৰদান কৰিছিল । কিন্তু ইয়াত সংশোধনীমূলক ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়া হোৱা নাছিল। উল্লেখযোগ্য যে, চলিত বৰ্ষৰ ১২ জুনত আহমেদাবাদৰ পৰা উৰণৰ কিছু সময়ৰ পিছতে দুৰ্ঘটনাগ্ৰস্ত হোৱা লণ্ডন অভিমুখী এয়াৰ ইণ্ডিয়া বয়িং ৭৮৭-৮ বিমানৰ দুৰ্ঘটনা ভাৰতৰ আটাইতকৈ মাৰাত্মক বিমান দুৰ্ঘটনাৰ ভিতৰত অন্যতম।

Leave A Reply

Your email address will not be published.