অসম চৰকাৰৰ শেহতীয়া কেবিনেট সিদ্ধান্তসমূহ

0

অসমৰ সৰ্বাংগীন উন্নয়ন আৰু বিকাশৰ অৰ্থে বৃহস্পতিবাৰে অসম ৰাজ্যিক কেবিনেটত বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় । কেবিনেটৰ সিদ্ধান্ত অনুসৰি ব্যক্তিগত নাৰ্ছিং হোম, ছাত্ৰ-ছাত্ৰীৰ বাবে “প্ৰেৰণা আঁচনি, উদাসীন ভকতৰ বাবে আৰ্থিক সাহায্য, অংগনৱাড়ী কৰ্মীৰ ভাট্টাৰ লগতে আন বহুকেইটা বিষয়ত লোৱা গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

ক) ব্যক্তিগত চিকিৎসালয়ৰ বিৰুদ্ধে কঠোৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ  ।৪ ঘণ্টাতকৈ অধিক সময় ব্যক্তিগত নাৰ্ছিং হোমে ৰাখি থব নোৱাৰিব মৃতদেহ । নিয়ম উলংঘা কৰিলেই ভৰিব লাগিব ৫ লাখ টকাৰ জৰিমণা ।

খ)অংগনৱাড়ী কৰ্মী আৰু সহায়িকাৰ ভাট্টা বৃদ্ধিত অনুমোদন ৰাজ্যিক কেবিনেটৰ । চলিত বৰ্ষৰ ১ অক্টোবৰৰ পৰা কাৰ্যকৰী হ’ব এই সিদ্ধান্ত ।

গ)অসমৰ সত্ৰসমূহৰ উদাসীন ভকতলৈ আৰ্থিক সাহায্য ঘোষণা ৰাজ্য চৰকাৰৰ ।

ঘ)দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বাবে অনুপ্ৰেৰণামূলক আঁচনি “প্ৰেৰণা”ত অনুমোদন ৰাজ্যিক কেবিনেটৰ । ১ নৱেম্বৰৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে লাভ কৰিব মাহিলী চৰকাৰী সাহায্য ।

ঙ)হোজাইৰ “ৰবীন্দ্ৰনাথ টেগৰ ইউনিভাৰ্ছিটি”ৰ নাম সলনি কৰাৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ ।

চ)মিছন বসুন্ধৰা ৩.০ৰ অধীনত ৩০০০ৰো অধিক নামঘৰ, মন্দিৰ, শিক্ষানুষ্ঠানলৈ ভূমি আবণ্টন ।

ছ)ৰাজ্যৰ হাতী-মানুহৰ সংঘাত প্ৰবণ জিলাসমূহলৈ ৰাজ্য চৰকাৰৰ “গজমিত্ৰ” আঁচনিত অনুমোদন ।

ইয়াৰ উপৰিও কাঁহ পিতলৰ শিল্পীসকলে জি এছ টি হিচাপে পৰিশোধ কৰা ধন উভতাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্যিক কেবিনেটে । এই সিদ্ধান্ত কাৰ্যকৰী কৰাৰ বাবে অসম সেৱা সামগ্ৰী আৰু সেৱা কৰআঁচনি, ২০২৫”-ত  অনুমোদন জনাইছে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা অসম ৰাজ্যিক কেবিনেটে ।

Leave A Reply

Your email address will not be published.