মহাকাশচাৰী শুভাংশু শুক্লাই ভংগ কৰিলে ৰাকেশ শৰ্মাৰ অভিলেখ

0

২৫ জুন তাৰিখে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ উৰা মাৰে ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লাই । Axiom4 শীৰ্ষক মহাকাশ অভিযানৰ অংশ হিচাপে ১৪ দিনৰ বাবে মহাকাশলৈ যোৱা শুভাংশু শুক্লাই বৰ্তমান মহাকাশত বিভিন্ন পৰীক্ষা নিৰীক্ষা চলাই আছে । তাৰ মাজতেই এই গৰাকী ভাৰতীয় মহাকাশচাৰীয়ে সৃষ্টি কৰিছে অভিলেখ । ৰাকেশ শৰ্মাৰ ৪১ বছৰীয়া অভিলেখ অতিক্ৰম কৰি মহাকাশত সৰ্বাধিক সময় পাৰ কৰা ভাৰতীয় মহাকাশচাৰী হিচাপে স্বীকৃতি লাভ কৰিছে শুভাংশু শুক্লাই ।

১৯৮৪ চনৰ ৰাকেশ শৰ্মাৰ অভিলেখ ভংগ কৰি আজিলৈকে শুভাংশু শুক্লাই মহাকাশৰ কক্ষপথত ১২ দিন সময় অতিক্ৰম কৰিছে । ইয়াৰ বিপৰীতে মহাকাশচাৰী ৰাকেশ শৰ্মাই ৭ দিন, ২১ ঘণ্টা আৰু ৪০ মিনিট সময় মহাকাশৰ কক্ষপথত প্ৰদক্ষিণ কৰিছিল । ইতিমধ্যে গ্ৰুপ কেপ্তেইন শুভাংশু শুক্লাই পৃথিৱীৰ ২৮ ঘণ্টীয়া যাত্ৰাৰ অন্তত স্পেচএক্স ড্ৰেগন মহাকাশযান ডকিং কৰি আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ ভৰি দিয়া প্ৰথমজন ভাৰতীয় হিচাপে ইতিহাসৰ সূচনা কৰিছে।

উল্লেখযোগ্য যে, ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লা ১০ জুলাইত পৃথিৱীলৈ ঘূৰি অহাৰ সম্ভাৱনা আছে ।

Leave A Reply

Your email address will not be published.