কি ক’লে ইলন মাস্কৰ নতুন ৰাজনৈতিক দল সন্দৰ্ভত মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে?
ধনকুবেৰ ইলন মাস্কৰ নতুন ৰাজনৈতিক দল গঠনক লৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে তেওঁৰ প্ৰাক্তন ঘনিষ্ঠ মিত্ৰ ইলন মাস্কক তীব্ৰ সমালোচনা কৰা দেখা গৈছে। দেওবাৰে সংবাদ মাধ্যমৰ আগত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কয় যে আমেৰিকাৰ ৰাজনীতিত তৃতীয় পক্ষৰ প্ৰৱেশক মই হাস্যকৰ বুলি ভাবো। আমেৰিকাৰ ৰাজনীতি সদায় দুইপক্ষীয় ব্যৱস্থা আছিল আৰু মই ভাবো তৃতীয় পক্ষ আৰম্ভ কৰিলে বিভ্ৰান্তি বৃদ্ধি পায়।
উল্লেখযোগ্য যে, শনিবাৰে ইলন মাস্কে সামাজিক মাধ্যমম এক্সত পোষ্ট কৰিছিল যে তেওঁ ৰিপাব্লিকান আৰু ডেম’ক্ৰেটিক “ইউনিপাৰ্টি”ক প্ৰত্যাহ্বান জনাবলৈ “আমেৰিকা পাৰ্টি” নামেৰে এটি নতুন ৰাজনৈতিক দল গঠন কৰিছে।
সমালোচনাৰে ইলন মাস্কক থকা-সৰকা কৰি ড’নাল্ড ট্ৰাম্পে কয় যে, মই দুঃখিত যে ইলন মাস্কে বিগত পাঁচ সপ্তাহত সম্পূৰ্ণভাৱে নিয়ন্ত্ৰণ হেৰুৱাই পেলাইছে । তেওঁ এতিয়া আমেৰিকাত তৃতীয়টো ৰাজনৈতিক দল আৰম্ভ কৰিব বিচাৰে, যদিও আমেৰিকাত এনে দল কেতিয়াও সফল হোৱা দেখা নাই – ব্যৱস্থাটোৱেই যেন এইবোৰৰ বাবে নিৰ্মিত নহয়। তৃতীয় দলবোৰে কৰিব পৰা এটা মাথোঁ কাম হৈছে – সম্পূৰ্ণ বিশৃঙ্খলা আৰু অস্থিৰতা সৃষ্টি কৰা ।
লগতে আমেৰিকাৰ জনসাধাৰণৰ সুৰক্ষা নিশ্চিত কৰাহে তেওঁৰ প্ৰথম দায়িত্ব বুলি উল্লেখ কৰে ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ।