প্ৰধানমন্ত্ৰী মোদী লৈ ট্ৰিনিডাড এণ্ড টবাগ’ৰ সৰ্বোচ্চ অসামৰিক সন্মান

0

ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পুনৰ এবাৰ বিশ্ব দৰবাৰত ভাৰতৰ গৰিমা বৃদ্ধি কৰিলে। প্ৰধানমন্ত্ৰী গৰাকীক ট্ৰিনিডাড আৰু টবাগ’ৰ সৰ্বোচ্চ অসামৰিক সন্মান “The Order of the Republic of Trinidad and Tobago” প্ৰদান কৰা হৈছে। দেশখনৰ ৰাষ্ট্ৰপতি ক্ৰীষ্টিন কাৰ্লা কেংগালুৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক এই সন্মান প্ৰদান কৰে।

ট্ৰিনিডাড আৰু টোবাগোৰ ৰাষ্ট্ৰপতি ভবনত আয়োজিত এক বিশেষ অনুষ্ঠানত নৰেন্দ্ৰ মোদীক এই সন্মান প্ৰদান কৰা হয়। এই সন্মান দেশখনৰ শ্ৰেষ্ঠ অসামৰিক সন্মান, যি কেৱল অতি উল্লেখযোগ্য ব্যাক্তিত্বকহে প্ৰদান কৰা হয়। মোদীৰ নেতৃত্ব, আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক উন্নয়ন, গ্ল’বেল সহযোগিতা আৰু পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰত তেওঁৰ অৱদানৰ স্বীকৃতি স্বৰূপে এই সন্মান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰদান কৰা হৈছে।

উল্লেখযোগ্য যে, এই সন্মানে বিশ্বমঞ্চত ভাৰতৰ গৌৰৱ পুনৰ প্ৰতিষ্ঠিত কৰিলে। আনহাতে ট্ৰিনিডাড এণ্ড টবাগ’ত লাভ কৰা সৰ্ব্বোচ্চ অসামৰিক সন্মান হৈছেনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ২৫ সংখ্যক আন্তঃৰাষ্ট্ৰীয় সন্মান ।

Leave A Reply

Your email address will not be published.