ট্ৰিনিডাড এণ্ড টবাগ’ত ভাৰতীয় সংস্কৃতিৰ আভাষত মন্ত্ৰমুগ্ধ নৰেন্দ্ৰ মোদী
ঘানা ভ্ৰমণ সামৰি দুদিনীয়া কাৰ্যসূচীৰে কেৰিবিয়ান দেশ ট্ৰিনিডাড এণ্ড টবাগ’ত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । প’ৰ্ট অফ স্পেইনৰ পিয়াৰ্ক’ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হোৱাৰ লগে-লগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সম্পূৰ্ণ ভাৰতীয় সাজেৰে সৈতে দেশখনৰ প্ৰধানমন্ত্ৰী কমলা পেৰচাদ বিচেছাৰ আৰু আন কেইবাগৰাকীও মন্ত্ৰী বিষয়াই আদৰণি জনায় । বিমানবন্দৰতে প্ৰধানমন্ত্ৰী মোদীক গাৰ্গ অৱ অনাৰেৰে সম্ভাষণ জনোৱা হয় । আনহাতে দেশখনৰ সভ্যতা সংস্কৃতি প্ৰদৰ্শনেৰে বিমান বন্দৰত উষ্ম আদৰণি জনোৱা হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক । লগতে বিমান বন্দৰত প্ৰধানমন্ত্ৰী গৰাকীৰ বাবে অপেক্ষাৰত ভাৰতীয় জনসাধাৰণক সাক্ষাৎ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । ভাৰতীয় লোক সকলেও প্ৰধানমন্ত্ৰী মোদীক সম্ভাষণ জনাই তেওঁক দেএশখনলৈ স্বাগতম জনায় । ট্ৰিনিডাড এণ্ড টবাগ’ত প্ৰতিধ্বনিত হয় ভোজপুৰী চাওতাল সংগীত । ট্ৰিনিডাড এণ্ড টবাগ’ ভ্ৰমণৰ সময়ছোৱাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশখনৰ সৈতে ভাৰতৰ সম্পৰ্ক সুদৃঢ় কৰাৰ উদ্দেশ্যে বৈঠকতো মিলিত হ’ব ।
প্ৰধানমন্ত্ৰী কমলা পেৰচাদ-বিচেছাৰে আয়োজন কৰা ৰাতিৰ আহাৰত নৰেন্দ্ৰ মোদীয়ে অযোধ্যাৰ ৰাম মন্দিৰৰ প্ৰতিৰূপ আৰু সৰ্যু নদীৰ লগতে প্ৰয়াগৰাজত অনুষ্ঠিত মহাকুম্ভৰ পৰা নিয়া পবিত্ৰ পানী উপহাৰ হিচাপে প্ৰদান কৰে। এই উপহাৰ ভাৰত আৰু ট্ৰিনিডাড এণ্ড ট’বাগোৰ মাজত থকা গভীৰ সাংস্কৃতিক আৰু আধ্যাত্মিক বন্ধনৰ প্ৰতীক হৈ ৰ’ব বুলি উল্লেখ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ।
উল্লেখযোগ্য যে, ট্ৰিনিডাড এণ্ড টবাগ’ৰ প্ৰধানমন্ত্ৰী কমলা পেৰচাদ বিচেছাৰে ঘোষণা কৰা অনুসৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰদান কৰা হ’ব ট্ৰিনিডাড এণ্ড টবাগ’ৰ সৰ্বোচ্চ অসামৰিক সন্মান ।