পুনৰ কংগ্ৰেছক আক্ৰমণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

0

তুংগত উঠিছে কংগ্ৰেছ-বিজেপিৰ মাজৰ সংঘাত । শেষ হোৱা নাই বাক বিতণ্ডাৰ । সময়ে সময়ে দুয়োটা দলেই ইটোৱে সিটোক জনমানসত হেয় প্ৰতিপন্ন কৰিবলৈ কিছু কটু মন্তব্য কৰা দেখিবলৈ পোৱা যায় । এইবাৰ পুনৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আক্ৰমণৰ লক্ষ্য কৰি ল’লে অসম যুৱ কংগ্ৰেছক । ৰাষ্ট্ৰীয় নিৰাপত্তাৰ কথা উল্লেখ কৰিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰি কয় যে “অসম যুৱ কংগ্ৰেছৰ একাউণ্ট চৌদি আৰৱৰ পৰা চলে” ।

মুখ্যমন্ত্ৰীৰ এই মন্তব্যৰ পিছতেই তেওঁক উভতি ধৰিলে যুৱ কংগ্ৰেছৰ ৰাজ্যিক উপ সভাপতি ৰাকেশ চক্ৰৱৰ্তীয়ে । তেওঁ কয় যে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিজেপিৰ মন্ত্ৰী আৰু মন্ত্ৰী পত্নীৰ গৰু চুৰি আৰু ৰাজসাহায্য গ্ৰহণৰ বিষয় তল পেলাবলৈ চেষ্টা কৰিছে।

Leave A Reply

Your email address will not be published.