চিৰ নিদ্ৰাত অভিনেত্ৰী শ্বেফালী জাৰিৱালা
৯০দশকৰ এটি অতি চৰ্চিত তথা জনপ্ৰিয় গীত কাঁটা লগা…. এই গীতটিৰ জৰিয়তে দৰ্শকৰ মাজত চিনাকি হৈ পৰিছিল গীতটিৰ অভিনেত্ৰী গৰাকী । নাম নাজানিলেও সকলোৰে আগত তেওঁ পৰিচয় লাভ কৰিছিল কাঁটা লগা গাৰ্ল হিচাপে । এই গীতটিত লাভ কৰা অভূতপূৰ্ব জনপ্ৰিয়তাৰ পিছত আৰু থমকি লবলগীয়া হোৱা নাছিল আইটেম গাৰ্ল শ্বেফালী জাৰিৱালা । তেওঁ বহুকেইখন বলিউডৰ ছবিতো কাম কৰাৰ সুযোগ লাভ কৰিছিল । অৱশ্যে ব্যক্তিগত সমস্যাই তেওঁৰ জনপ্ৰিয়তাক কিছু ম্লান পেলাইছিল যদিও টেলিভিছনৰ জনপ্ৰিয় ৰিয়েলিটি শ্ব’ বিগবছৰ জৰিয়তে পুনৰ লাইম লাইটলৈ আহে অভিনেত্ৰীগৰাকী ।
জানিব পৰা মতে, শুকুৰবাৰে নিশা মুম্বাইৰ এখন চিকিৎসালয়ত হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যুক আকোঁৱালি লয় শ্বেফালী জাৰিৱালাই। হাৰ্ট এটেকত আক্ৰান্ত হোৱাৰ পাছত শ্বেফালীক স্বামী পৰাগ ত্যাগীয়ে ততাতৈয়াকৈ হাস্পতাললৈ লৈ যায় যদিও আহি পোৱাৰ লগে লগে চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে ।
তেওঁৰ মৃত্যুৰ খবৰ প্ৰকাশ পোৱাৰ পিছতে ইতিমধ্যে ছবিজগতৰ বহুকেইজন তাৰকা-মহাতাৰকাই শোক প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে। তেওঁৰ মৰত্যুৰ খবৰে জোকাৰি তুলিছে অনুৰাগীসকলকো। শোকত ভাঙি পৰিছে পৰিয়াল তথা আত্মীয় স্বজন । ৪২ বছৰ বয়সতে অকাল মৃত্যুক সাৱটি লোৱা অভিনেত্ৰী শ্বেফালী জাৰিৱালাৰ মাতৃ তথা ভগ্নীৰ হৃদয় বিদাৰক কান্দোনে কন্দুৱাই গৈছে সকলোকে ।