গৰমৰ দিনত কেনেকৈ আৰাম পাব পাৰি: গ্ৰীষ্মকাল পাৰ কৰাৰ সহজ উপায়
গ্ৰীষ্মকাল অসমবাসীৰ বাবে এটি কঠিন সময় হৈ পাৰে। এই সময়ছোৱাত তাপমাত্রা অধিক পোৱাৰ বাবে শৰীৰিক আৰু মানসিক অশান্তিৰ সৃষ্টি হয়। বিশেষকৈ বৰষুণ অহাৰ আগৰ সময়ছোৱাত, গৰম আৰু আর্দ্ৰতা দুয়োটা বৃদ্ধি পায়। সেইবাবে গ্ৰীষ্মকালত শৰীৰ সুস্থ ৰাখিবলৈ আৰু আৰাম অনুভৱ কৰিবলৈ কিছুমান সাৱধানতা আৰু উপায় অনুসৰণ কৰাটো অত্যন্ত প্ৰয়োজন।
১. গৰমত ঘাম বেছি হয় আৰু তাৰ ফলত শৰীৰৰ পানীৰ পৰিমাণ হ্ৰাস পায়। সেই বাবে দিনে কমেও ৮-১০ গিলাচ পানী খোৱা উচিত। নাৰিকল পানী, নিমখ আৰু চেনি মিহলি জলজীৰা, নেমুৰ ৰস আদিও উপকাৰী।
২. গৰমত তুলাৰ বগা বা হালধীয়া ৰঙৰ পাতল কাপোৰ পিন্ধা উচিত, যিয়ে শৰীৰৰ তাপমান নিয়ন্ত্ৰণত সহায় কৰে।
৩. দুপৰীয়া ১১ বজাৰ পৰা দিনৰ ৩ বজালৈ বাহিৰত নোলাবলৈ চেষ্টা কৰক। এই সময়ছোৱাত সূৰ্যৰ প্ৰবাহ অধিক তীব্ৰ হয়। বাহিৰলৈ যাব লগা হ’লে ছাতি, চশমা, টুপি অথবা স্কাৰ্ফ ব্যৱহাৰ কৰক।
৪. গৰমৰ দিনত মচলাযুক্ত, তেলত ভজা খাদ্য এৰাই চলা উচিত। তাৰ পৰিৱৰ্তে ফলমূল, শাক-পাচলি, দৈ, লাউ আদিৰ দৰে ঠাণ্ডা খাদ্য গ্ৰহণ কৰাটো ভাল। তাল, বেল, জামুক আদিয়েও শৰীৰ ঠাণ্ডা ৰাখে।
৫. আপোনাৰ ঘৰখনত বায়ু প্ৰৱাহৰ সঠিক ব্যৱস্থা কৰক। প্রয়োজন হ’লে খিৰিকি খুলা ৰাখক আৰু ফেন, এচি বা কুলাৰ ব্যৱহাৰ কৰক। বেছি গৰম পালে ঠাণ্ডা পানীৰে স্নান কৰিলে শৰীৰৰ উত্তাপ কমে।
৬. গৰমত ব্যায়াম কৰাৰ সময়ত ঘাম বেছি হয়। সেয়ে এই কামবোৰ পুৱা বা সন্ধিয়াৰ সময়ত কৰা উচিত, যেতিয়া বায়ুমণ্ডল কিছু ঠাণ্ডা থাকে।
৭. ঘৰ ঠাণ্ডা ৰাখিবলৈ ঘৰৰ চৌহদত তুলসী গছ,, নিম গছ বা বেল গছ ৰুব লাগে। এই গছবোৰৰ ছাঁ আৰু বতাহে ঘৰৰ উত্তাপ কমাই ৰাখে।
গ্ৰীষ্মকাল সৌন্দৰ্য্যৰে ভৰা যদিও, সাৱধানে নচলিলে ই স্বাস্থ্যৰ ক্ষতি সাধন কৰিব পাৰে। সেয়ে সহজ কিছুমান অভ্যাসেৰে আপুনি গৰমত আৰাম অনুভৱ কৰিব পাৰে। সুস্থ থাকক, সতেজ থাকক ।