মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক শান্তিৰ ন’বেল বঁটাৰ বাবে মনোনীত

0

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক Deserving আখ্যা দি শান্তিৰ ন’বেল বঁটাৰ বাবে মনোনীত কৰিছে ইজৰাইলৰ ৰাষ্ট্ৰপতি বেঞ্জামিন নেতান্যাহুয়ে । ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰে হোৱাইট হাউছত নৈশ ভোজ গ্ৰহণ কৰি থকাৰ সময়তেই ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুয়ে মনোনয়ন পত্ৰখন ড’নাল্ড ট্ৰাম্পৰ হাতত অৰ্পন কৰে । ট্রাম্পৰ হাতত মনোনয়ন পত্ৰ খন দাখিল কৰি বেঞ্জামিন নেতান্যেহুৱে এই বঁটাৰ বাবে ড’নাল্ড ট্ৰাম্প যোগ্য আৰু এয়া তেওঁৰ প্ৰাপ্য বুলি মন্তব্য কৰে ।
ইফালে নিজকে শান্তিৰ ন’বেল বঁটাৰ বাবে পৰোক্ষভাৱে যোগ্য প্ৰমাণ কৰিবলৈ গৈ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে তেওঁ বহুকেইখন যুদ্ধ বন্ধ কৰি দিছে বুলি মন্তব্য কৰে । আৰু ভাৰত-পাকিস্তানৰ যুদ্ধক তেওঁ বন্ধ কৰা আটাইতকৈ ডাঙৰ যুদ্ধ বুলি উল্লেখ কৰে।
উল্লেখযোগ্য যে, ইজৰাইল হৈছে শান্তিৰ ন’বেল বঁটাৰ বাবে মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক মনোনীত কৰা দ্বিতীয়খন দেশ । ইয়াৰ পূৰ্বে পাকিস্তানেও ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পক ন’বেল বঁটাৰ বাবে মনোনীত কৰিছিল। ভাৰতৰ সৈতে যুদ্ধৰ অৱসান ঘটাৰ পিছতেই পাকিস্তানৰ সেনা প্রধান অসীম মুনিৰে আমেৰিকা ভ্ৰমণ কৰি মার্কিন ৰাষ্ট্ৰপতিগৰাকীৰ নাম শান্তিৰ নোবেল বঁটাৰ বাবে মনোনীত কৰিছিল।

Leave A Reply

Your email address will not be published.