মহাকাশ পৰিভ্ৰমণ শেষ কৰি আজি স্বগৃহলৈ মহাকাশচাৰী শুভাংশু শুক্লা

0

বিশ্বৰ মহাকাশ অভিযানত ভাৰতৰ নাম জিলিকাবলৈ সক্ষম হোৱা‌ দেশৰ দ্বিতীয় গৰাকী মহাকাশচাৰী শুভাংশু শুক্লাৰ আজি পৃথিৱীলৈ উভতনি যাত্ৰা আৰম্ভ হৈছে । Axiom Space আৰু NASAৰ সহযোগিতাৰে চালিত Axiom-4 মিছনত অংশগ্ৰহণ কৰি শুভাংশু শুক্লাই আন্তর্জাতিক মহাকাশ কেন্দ্ৰত প্ৰায় ১৮ দিন সময় অতিবাহিত কৰে।

মহাকাশ কেন্দ্ৰত থকা সময়ছোৱাত তেওঁ বিজ্ঞান, চিকিৎসা আৰু জীৱবিদ্যাৰ বিভিন্ন পৰীক্ষা নিৰীক্ষা সম্পন্ন কৰে । বিশেষকৈ অস্থি গঠনৰ ওপৰত মহাকাশৰ প্ৰভাৱ, তেজৰ গঠন, আৰু শূন্য-মাধ্যাকর্ষণত স্নায়বিক স্থিতি সন্দৰ্ভত গুৰুত্বপূৰ্ণ তথ্য সংগ্ৰহ কৰে। আজি বিয়লি তেওঁ international space station ৰ পৰা আনডক কৰি পৃথিৱীলৈ যাত্ৰা আৰম্ভ কৰিছে। প্ৰায় ২২ ঘণ্টা পিছত, ১৫ জুলাইৰ বিয়লিৰ ভাগত তেওঁ কেলিফ’ৰ্নিয়াৰ উপকূলত অৱতৰণ কৰিব।

উভতনি যাত্ৰাৰ পূৰ্বে international space station ত তেওঁৰ সহকর্মী মহাকাশচাৰীসকলৰ সৈতে এক বিদায় অনুষ্ঠানৰ আয়োজন কৰা হয় । এই বিদায় অনুষ্ঠানত আৱেগিক হৈ শুভাংশু শুক্লাই কয়, “এই যাত্ৰা কেৱল মহাকাশৰ নহয়, মোৰ দেশৰ প্ৰতিজন নাগৰিকৰ সপোন এই মহাকাশ যাত্ৰা।” তেওঁ লগতে কয় যে “৪১ বছৰ পূৰ্বে এজন ভাৰতীয় মহাকাশচাৰী মহাকাশলৈ গৈ ভাৰত মহাকাশৰ পৰা কেনেকুৱা দেখি আমাক জনাইছিল। মই আজি আকৌ ক’ব খোজোঁ যে আমাৰ ভাৰত আজিও “Sare Jahan se achcha.”

ইফালে পুত্ৰৰ উভতি অহাৰ পূৰ্বে নিজৰ উৎকণ্ঠা ব্যক্ত কৰিছে শুভাংশু শুক্লাৰ মাতৃয়ে । তেওঁ কয় যে—“উত্তেজনাৰ কোনো সীমা নাই, আমি তেওঁৰ আগমনৰ বাবে আৰু অপেক্ষা কৰিব পৰা নাই । আমি বৰ সুখী। তেওঁ নিৰাপদে ঘূৰি আহিবলৈ আমি প্ৰাৰ্থনা জনাইছোঁ।”

শুভাংশু শুক্লাৰ এই ঐতিহাসিক যাত্ৰাই ভাৰতক পুনৰ এটি নতুন উচ্চতালৈ লৈ গৈছে। মহাকাশ বিজ্ঞানত আগ্ৰহী লাখ লাখ যুৱপ্ৰজন্মৰ বাবে আজীৱন প্ৰেৰণা হৈ ৰ’ব মহাকাশচাৰী শুভাংশু শুক্লা।

Leave A Reply

Your email address will not be published.