মহাকাশত শুভাংশু শুক্লাৰ ১১ দিন

0

ভাৰতীয় বায়ুসেনাৰ গ্ৰুপ কেপ্টেইন শুভাংশু শুক্লা ২৫ জুন ২০২৫ তাৰিখে SpaceX ৰ জৰিয়তে International Space Station লৈ সফলভাৱে উৰা মাৰে। তেওঁ হৈছে প্ৰথমজন ভাৰতীয় নাগৰিক, যিয়ে ব্যৱসায়িক মহাকাশ উৰণ অভিযানত অংশগ্ৰহণ কৰি ISSত বৈজ্ঞানিক গৱেষণা আৰম্ভ কৰিছে।

ISSত তেওঁ মাইক্ৰোগ্ৰেভিটিত দেহৰ মাংসপেশী হ্ৰাসৰ ওপৰত অধ্যয়ন কৰিছে, যি আগন্তুক Gaganyaan অভিযান আৰু দীঘলীয়া মহাকাশ যাত্ৰাৰ বাবে অতি গুৰুত্বপূর্ণ বিষয়। ৩ জুলাইত শুভাংশু শুক্লাই ৰাকেশ শর্মাৰ ৪১ বছৰীয়া ৰেকর্ড ভংগ কৰি ISSত সৰ্বাধিক সময় থাকি “Longest-staying Indian astronaut” হিচাপে স্বীকৃতি লাভ কৰে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ISSৰ পৰা তেওঁৰ সৈতে ভিডিও কলযোগে কথা পাতি তেওঁৰ অভিযানক ভাৰতৰ মহাকাশ যাত্ৰাৰ নতুন অধ্যায় বুলি উল্লেখ কৰে। শুভাংশু শুক্লাই মহাকাশৰ পৰা ভাৰত অতি সৌন্দর্যময় বুলি মন্তব্য কৰে ।

এই অভিযানৰ জৰিয়তে শুভাংশু শুক্লাই কেৱল ভাৰতীয় বিজ্ঞানৰ ক্ষেত্ৰতে নহয়, তেওঁ ভাৰতকো গ্লোবেল মহাকাশৰ মানচিত্ৰত দৃঢ়ভাৱে প্ৰতিষ্ঠা কৰিছে।

Leave A Reply

Your email address will not be published.