ফেটি লিভাৰৰ সমস্যাত ভুগিছে নেকি আপুনি? ইয়াৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব আপুনি?
ফেটি লিভাৰৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ কিছু খাদ্য ত্যাগ কৰিব লাগিব। বৰ্তমান সময়ত বহুলোক ফেটি লিভাৰৰ সমস্যাত আক্ৰান্ত হোৱা দেখা যায়। মূলতঃ খাদ্যাভ্যাসৰ পৰা আৰম্ভ কৰি জীৱনশৈলীৰ ধাৰণা আদিৰ বাবে এই ৰোগ হোৱা পৰিলক্ষিত হয়। সাধাৰণতে অতিৰিক্ত সুৰাপান কৰা লোকসকলৰ শৰীৰত এই ৰোগে দেখা দিয়ে যদিও, সুৰাপান নকৰা লোকসকলৰ মাজতো এই ৰোগ হোৱা দেখা যায়। জীৱনশৈলী পৰিৱৰ্তন কৰিলে পৰিত্ৰাণ পাব পাৰি এই ৰোগৰ পৰা। শৰীৰত মেদবহুলতাৰ বৃদ্ধিৰ ফলতো এই ফেটি লিভাৰৰ সমস্যাই দেখা দিব পাৰে। সেইবাবে উচিত খাদ্য খোৱাটো অতিকৈ প্ৰয়োজনীয়। যথেষ্ঠ পৰিমাণে কেলচিয়াম অথবা ভিটামিন ডি যুক্ত খাদ্য গ্ৰহণ কৰিলে ফেটি লিভাৰৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ সক্ষম হয়।
বহুতো গৱেষণাৰ পৰা পোৱা গৈছে যে ফেটি লিভাৰৰ বাবে আটাইতকৈ উপকাৰী হ’ল কফি। একাপ কফিয়ে হ্ৰাস কৰিব পাৰে আপোনাৰ ফেটি লিভাৰ। এই ৰোগীসকলে প্ৰতিদিনে একাধিক কাপ কফি সেৱন কৰাটো অতিকৈ প্ৰয়োজনীয়। ভিটামিন ই যুক্ত খাদ্য যেনে বাদাম, ৰঙালাও, পালেং শাক আদি নিয়মিত খাদ্য সম্ভাৰত অন্তৰ্ভুক্ত কৰিলে ফেটি লিভাৰৰ দৰে ৰোগৰ পৰা পৰিত্ৰাণ পাবলৈ সক্ষম হয়। ইয়াৰ উপৰিও এজন লোকে যথেষ্ঠ পানী খোৱাটো অতিকৈ উপকাৰী।