প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিদেশ ভ্ৰমণক উপহাস পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানৰ

0

পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ ওপৰত তীক্ষ্ণ আক্ৰমণ চলাই বৈদেশিক নীতিৰ ক্ষেত্ৰত কেন্দ্ৰৰ স্থিতি সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰে।

তেওঁ প্ৰধানমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে স্পষ্ট কূটনৈতিক কাৰণ বা ফলাফল নোহোৱাকৈ সঘনাই বিদেশ ভ্ৰমণ কৰাৰ অভিযোগ উত্থাপন কৰে। তেওঁ কয় যে “প্ৰধানমন্ত্ৰী এনেকুৱা ৰাষ্ট্ৰলৈ গৈছে যিবোৰৰ নামো আমি নাজানো। ইমান সৰু ৰাষ্ট্ৰবোৰৰ পৰা সন্মান লৈছে। ভাৰতত জেচিবিয়ে কাম কৰি থকাৰ সময়ত যিমান সংখ্যক লোক গোট খায়, সেই দেশসমূহতো সিমানেই লোক আছে বুলি উপহাস কৰে পঞ্জাৱৰ মুখ্যমন্ত্ৰী গৰাকীয়ে।’

ইফালে পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভ্ৰমণ কৰা কিছুমান দেশ অপ্ৰয়োজনীয় বুলি কৰা মন্তব্যৰ প্ৰত্যুত্তৰ প্ৰদান কৰি বৃহস্পতিবাৰে এক বিবৃতিৰ জৰিয়তে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কাৰো নাম নোলোৱাকৈয়ে উল্লেখ কৰে যে “এক উচ্চ ৰাজ্যিক কৰ্তৃপক্ষ”ৰ মন্তব্য দায়িত্বহীন । আৰু ই বন্ধুত্বপূৰ্ণ দেশৰ সৈতে ভাৰতৰ সম্পৰ্ক ক্ষুণ্ণ কৰে।

আনহাতে মুখ্যমন্ত্ৰী বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে কয় যে গ্ল’বেল চাউথৰ পৰা বন্ধুত্বপূৰ্ণ দেশৰ সৈতে ভাৰতৰ সম্পৰ্ক সন্দৰ্ভত এক উচ্চ ৰাজ্যিক কৰ্তৃপক্ষই কিছু মন্তব্য কৰা দেখিছো। ভগৱন্ত মানৰ এনে মন্তব্যক দায়িত্বহীন আৰু দুখজনক আখ্যা দিয়ে ৰণধীৰ জয়ছোৱালে। তেওঁ লগতে কয় যে ভাৰত চৰকাৰে এনে অযুক্তিকৰ মন্তব্যৰ পৰা নিজকে বিচ্ছিন্ন কৰে যিয়ে বন্ধুত্বপূৰ্ণ দেশৰ সৈতে ভাৰতৰ সম্পৰ্কক ভেঙুচালি কৰে।

Leave A Reply

Your email address will not be published.