প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ ব্ৰাজিলৰ সৰ্বোচ্চ অসামৰিক সন্মান
ব্ৰাজিলত অনুষ্ঠিত ব্ৰিকছ সন্মিলনীত অংশ লোৱাৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ব্ৰাজিলৰ ৰাজধানী ব্ৰাছিলিয়াত উপস্থিত হয় । ব্ৰাছিলিয়াত ব্ৰাজিলৰ ৰাষ্ট্ৰপতি লুলাৰ উপস্থিতিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আনুষ্ঠানিক ভাৱে আদৰণি জনোৱা হয় । লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ব্ৰাজিলৰ সৰ্বোচ্চ অসামৰিক সন্মান The grand collar of the national order of the southern cross সন্মানেৰে সন্মানিত কৰা হয় ।
ভাৰত-ব্ৰাজিলৰ বন্ধুত্বৰ প্ৰতি সদায় আবেগিক ৰাষ্ট্ৰপতি লুলাৰ সৈতে ফলপ্ৰসূ আলোচনাত মিলিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। প্ৰধানমন্ত্ৰী গৰাকীৰ ব্ৰাজিল ভ্ৰমণে দুয়োখন ৰাষ্ট্ৰৰ মাজৰ সম্পৰ্ক আৰু অধিক বৃদ্ধি কৰিব বুলি আশাবাদী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । ব্ৰাছিলিয়াৰ আলভোৰাডা পেলেচত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ব্ৰাজিলৰ ৰাষ্ট্ৰপতি লুলাই দুয়োখন দেশৰ প্ৰতিনিধিসকলক সাক্ষাৎ কৰে । আনহাতে দুয়োখন দেশে নবীকৰণযোগ্য শক্তি, ডিজিটেল সমাধান, এআই, ছুপাৰ কম্পিউটিং, প্ৰতিৰক্ষা আৰু কৃষি গৱেষণাৰ দৰে গুৰুত্বপূৰ্ণ ক্ষেত্ৰত চুক্তি স্বাক্ষৰ কৰি অহা পাঁচ বছৰত দ্বিপাক্ষিক বাণিজ্য ২০ বিলিয়ন ডলাৰলৈ বৃদ্ধি কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰে। লগতে দুয়োজন নেতাই সন্ত্ৰাসবাদক তীব্ৰ গৰিহণা দি শূন্য সহনশীলতা আৰু দ্বৈত মানদণ্ডক প্ৰত্যাখ্যান কৰাৰ আহ্বান জনায়।