দীপজ্যোতি সন্দিকৈৰ ‘Khamosh Dishayein… The Tranquil Horizon’ৰ পোষ্টাৰ-টিজাৰ আনুষ্ঠানিকভাৱে মুকলি

0

বিশিষ্ট পৰিচালক দীপজ্যোতি সন্দিকৈৰ নতুন ছুটি ছবি ‘Khamosh Dishayein… The Tranquil Horizon’ৰ পোষ্টাৰ, টিজাৰ আৰু প্ৰ’ম’চনেল ভিডিঅ’ৰ ১১ জানুৱাৰী দেওবাৰে গুৱাহাটীৰ ছয়মাইলস্থিত পিপল ট্ৰী ইনত আনুষ্ঠানিকভাৱে মুকলি কৰা হয়।

ছ’চিয়েল মিডিয়াৰ ইতিবাচক-নেতিবাচক দুয়োটা প্ৰভাৱক আধাৰ কৰি নিৰ্মিত এই ছবিখনত এজন ফুড ভ্লগাৰৰ জীৱনক লৈ উপস্থাপন কৰা হৈছে। ‘মানসীজ কিটচেন’ নামৰ চহৰখনৰ জনপ্রিয় ক্লাউড কিটচেন এটাৰ গৰাকী, ফুড ভলগাৰ মানসীয়ে ছ’চিয়েল মিডিয়াৰ জৰিয়তে খ্যাতিৰ শিখৰলৈ গৈও কিদৰে এক দিশহাৰা সময়ৰ সন্মুখীন হ’বলগীয়া হয় তাকেই এই ছবিখনত অতি সুন্দৰকৈ প্ৰতিফলিত কৰা হৈছে।

সৃষ্টি মিডিয়াৰ সহযোগত জ্যোতি ফিল্মছৰ নিবেদিত ‘Khamosh Dishayein… The Tranquil Horizon’ৰ কাহিনী, চিত্রনাট্য আৰু প্রযোজনা দীপজ্যোতি সন্দিকৈৰ। মুখ্য চৰিত্ৰত অভিনয় কৰিছে মুম্বাইৰ প্ৰতিষ্ঠিত অভিনেত্রী পলক বাঘৰ লগতে বনদীপ সিং ভুর্জি, পুণিত পাৱাৰ, ৰিমি ৰাণী বৰা আৰু ফেদ্দুছ আলিৰ উপৰি কেইবাগৰাকীও অভিনেতা-অভিনেত্রীয়ে। গুৱাহাটী আৰু মেঘালয়ত দৃশ্যগ্ৰহণ কৰা ছবিখনৰ সংগীত পৰিচালনা কৰিছে বিশিষ্ট সংগীত পৰিচালক সৌৰভ মহন্তই। মুখ্য চিত্রগ্রহণ হিমাংশু শর্মাৰ। আংশিক চিত্রগ্রহণ ৰাজা বৰুৱাৰ। চাউণ্ড ডিজাইন আৰু মিক্সিং খ্যাতিসম্পন্ন শব্দযন্ত্রী দেৱজিত গায়নৰ। ডি আই ধনজিৎ দাসৰ। ছবিখনৰ সম্পাদনা, গ্রাফিক্স আৰু পোষ্টাৰ ডিজাইন দীপজ্যোতি সন্দিকৈৰ। মেক-আপ কৰিছে ৰিমি ৰাণী বৰা আৰু পিজু মণি শর্মাই। প্ৰ’ম’চনেল মিউজিক ভিডিঅটিৰ গীতৰ কথা পলক বাঘৰ। সংগীত পৰিচালনা সৌৰভ মহন্তৰ, চিত্রগ্রহণ মানৱ জ্যোতি বৰুৱাৰ আৰু ছাব-টাইটেল কৰিছে শাব্দী ভৰদ্বাজে।

এই অনুষ্ঠানটিত অতিথি হিচাপে, জ্যেষ্ঠ ফটো সাংবাদিক তপন দাস, ভূপেন হাজৰিকা ন্যাসৰ সম্পাদক মঞ্জুলা হাজৰিকা, পৰিচালক ঝুলন কৃষ্ণ মহন্ত প্রমুখ্যে কেইবাগৰাকীও গণ্য-মান্য ব্যক্তি উপস্থিত থাকে অনুষ্ঠানটিত।

Leave A Reply

Your email address will not be published.