তেলেংগানাৰ কাৰখানাত প্ৰকাণ্ড বিস্ফোৰণ
তেলেংগানাৰ পাশামাইলাৰাম স্থিত চিগাচি ইণ্ডাষ্ট্ৰিজৰ ফাৰ্মাচুটিকেল ইউনিটত ভয়ংকৰ বিস্ফোৰণৰ ঘটনাই কপাই তুলিছে দেশক । বিস্ফোৰণত নিহতৰ সংখ্যা বৰ্তমানৰলৈকে ৩৫ লৈ বৃদ্ধি পাইছে। বহু কৰ্মচাৰী এতিয়াও ধ্বংসস্তুপৰ তলত আৱদ্ধ হৈ থকাৰ আশংকা আছে । সেয়ে উদ্ধাৰকাৰী দলে সক্ৰিয়ভাৱে এই সন্ধান অভিযান চলাই আছে। এই বিস্ফোৰণত ৩৪ ৰো অধিক লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱাৰ লগতে বহু লোক এতিয়াও নিখোঁজ হৈ আছে, যাৰ বাবে পৰিয়ালৰলোকসকলে মনত ভয় লৈ মাঠো অপেক্ষা কৰিছে।

সোমবাৰ ৰাতিপুৱা প্ৰায় ৯:২০ বজাত সংঘটিত হোৱা এই শক্তিশালী বিস্ফোৰণটো স্প্ৰে ৰিঅ্যাক্টৰ ইউনিটৰ পৰা আৰম্ভ হৈছিল। প্ৰত্য়ক্ষদৰ্শীসকলৰ মন্তব্য় যে এক বৃহৎ জুইত সমগ্ৰ কাৰখানাৰ জাহ গৈছে আৰু বহুদূৰৰলৈকে এই ধোঁৱা দেখিবলৈ পোৱা গৈছিল। বিস্ফোৰণৰ ফলত ওচৰ-চুবুৰীয়াৰ ঘৰ-দোকান কঁম্পমান উঠে । উদ্ধাৰ কাৰ্যৰ বাবে SDRF, NDRF, অগ্নি নিৰ্বাপক বাহিনী আৰু তেলেংগানাৰ HYDRAA ইউনিটৰ ২০০ ৰো অধিক লোক নিযুক্ত হৈ আছে। বৰ্তমানেও ইয়াৰ পৰিস্থিতি খুবেই গম্ভীৰ হৈ আছে, কিয়নো নিখোঁজ লোকৰ পৰিয়ালে কাৰখানা আৰু ওচৰৰ চিকিৎসালয়সমূহত ভিৰ জমা কৰিছেহি। বহু কৰ্মচাৰীৰ নাম চৰকাৰী নথিপত্ৰত পঞ্জীয়ন নথকা বাবে সঠিক তথ্য উলিওৱাতো কঠিন হৈ পৰিছে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মৃতকৰ পৰিয়ালক ২ লাখ আৰু আহতসকলক ৫০ হাজাৰ ক্ষতিপূৰণ প্ৰদানৰ ঘোষণা কৰিছে ।
এই দুৰ্ঘটনা বিগত কিছু বছৰৰ ভিতৰত ভাৰতত হোৱা আটাইতকৈ ভয়ংকৰ উদ্যোগিক দুৰ্ঘটনাসমূহৰ ভিতৰত অন্যতম ।