চাহ শ্ৰমিকৰ প্ৰতিবাদত উত্তাল হ’ল খুমটাইৰ বৰফলং চাহ বাগিচা

0

বিভিন্ন কাৰণত বিভিন্ন সময়ত চাহ বাগিছা কাৰ্যালয় সমূহত শ্ৰমিকসকলে প্ৰতিবাদী কাৰ্যসূচী হাতত লোৱা দেখা যায় । পিছপৰা জনজাতি হোৱাৰ বাবেই পাবলগীয়া সুবিধা সমূহৰ পৰাও বঞ্চিত হয় বহু চাহ শ্ৰমিক । নায্য প্ৰাপ্তিৰ দাবীৰে চাহ মজদুৰ সংঘ তথা চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদমুখৰ হৈ পৰে চাহ শ্ৰমিক সকলে । এইবাৰ পুনৰ চাহ মজদুৰ সংঘৰ এক হঠকাৰী সিদ্ধান্তৰ বিৰোধিতাৰে প্ৰতিবাদত নামিছে বৰফলং চাহ বাগিছাৰ কৰ্মীসকল । আটছাৰ উদ্যোগত চাহ শ্ৰমিক সকলে গঢ়ি তুলিছে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী।

উল্লেখযোগ্য যে, অসম চাহ মজদুৰ সংঘই চাহ শ্ৰমিকে ২৪ কেজি পাত দিব নোৱাৰিলে দৈনিক মজুৰি কৰ্তনৰ এক প্ৰস্তাৱ হাতত লৈছিল । চাহ মজদুৰ সংঘৰ এই প্ৰস্তাৱৰ বিৰোধীতা কৰি আটছাৰ উদ্যোগত বৰফলং চাহ বাগিছাৰ শ্ৰমিক সকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । ইয়াৰ লগতেই চাহ শ্ৰমিকৰ পূৰ্বৰ দাবী যেনে দৈনিক মজুৰি বৃদ্ধি, চাহ জনজাতিৰ জনজাতিকৰণ, চাহ শ্ৰমিকক ভূমি পট্টা প্ৰদান, চিকিৎসাকে আদি কৰি মুঠ ৮ টা দাবী সম্বলিত এখনি স্মাৰক পত্ৰ বাগিছাৰ পৰিচালকৰ হাতত প্ৰদান কৰে । উক্ত দাবীসমূহ কাৰ্যকৰী নহ’লে আগন্তুক দিনত আৰু অধিক জংগী আন্দোলনৰ কাৰ্যসূচী গঢ়ি তোলাৰ হুংকাৰ দিয়ে প্ৰতিবাদকাৰী শ্ৰমিকসকলে। লগতে আগন্তুক দিনত বিধানসভা নিৰ্বাচনত ভোট বৰ্জনৰো‌ হুংকাৰ দিয়ে সংগঠনটোৱে

Leave A Reply

Your email address will not be published.