গ্লাছগোত অসম কন্যাৰ ইতিহাস

কমনৱেলথ গেমছৰ বক্সিং ৰিঙত লভলীনা বৰগোহাঁইৰ হাতত জিলিকিল ৰূপৰ পদক।
প্ৰথমটো কমনৱেলথ পদক জয় কৰি মেৰী কম আৰু বিজেন্দৰ সিঙৰ অভিলেখ স্পৰ্শ কৰিলে লভলীনাই।
ক্ৰীড়াক্ষেত্ৰৰ পৰা এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ। বিশ্বৰ ক্ৰীড়ামঞ্চত পুনৰ জিলিকি উঠিল অসমৰ নাম। গ্লাছগো কমনৱেলথ গেমছৰ বক্সিং ৰিঙত ৰূপৰ পদক আজুৰি আনি ইতিহাস ৰচনা কৰিলে অলিম্পিক পদক বিজয়ী লভলীনা বৰগোহাঁইয়ে। এক তীব্ৰ উত্তেজনাপূৰ্ণ ফাইনেল মেচত অষ্ট্ৰেলিয়াৰ শক্তিশালী বক্সাৰগৰাকীৰ বিৰুদ্ধে যুঁজি তেওঁ এই সফলতা অৰ্জন কৰে।উল্লেখ্য যে, ইয়াৰ পূৰ্বে ২০১৮ আৰু ২০২২ বৰ্ষৰ কমনৱেলথ গেমছত কোৱাৰ্টাৰ ফাইনেলৰ পৰাই বিদায় ল’বলগীয়া হৈছিল লভলীনাই। গতিকে ক্ৰীড়া জীৱনত এইয়া তেওঁৰ প্ৰথমটো কমনৱেলথ পদক। এই পদক জয়ৰ লগে লগেই মেৰী কম আৰু বিজেন্দৰ সিঙৰ পাছতেই বিশ্বৰ প্ৰতিখন মুখ্য আন্তঃৰাষ্ট্ৰীয় খেলত পদক জয় কৰা ভাৰতৰ তৃতীয়গৰাকী বক্সাৰ হিচাপে পৰিগণিত হ’ল লভলীনা বৰগোহাঁই।
সোণৰ পদক হেৰুৱাই লভলীনা কিছু হতাশ হ’লেও, তেওঁৰ এই ৰূপৰ পদকে ভাৰতীয় বক্সিং শিবিৰলৈ কঢ়িয়াই আনিছে বিপুল আনন্দ।