আহমেদাবাদ বিমান দুৰ্ঘটনাস্থলীত ব্লেক বক্স উদ্ধাৰ, শীঘ্ৰেই উদ্ঘাটন হ’ব দুৰ্ঘটনাৰ প্ৰকৃত কাৰণ
বৃহস্পতিবাৰে আহমেদাবাদত সংঘটিত শোকাৱহ বিমান দুৰ্ঘটনাই সমগ্ৰ বিশ্বকেই ম্ৰিয়মান কৰি তুলিছে । বিমানখনত থকা ২৪২ জন ব্যক্তিৰ ২৪১ জনৰেই প্ৰাণ কাঢ়ি নিলে এই হৃদয় বিধায়ক বিমান দুৰ্ঘটনাই । দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতেই ঘটনাস্থলীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ উপস্থিত হৈ উচিত তদন্তৰ নিৰ্দেশ প্ৰদান কৰে । সমান্তৰালকৈ শুকুৰবাৰৰ পুৱাই ঘটনা স্থলীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিত হৈ ঘটনা স্থলীত পৰিদৰ্শন কৰাৰ লগতে আহত সকলৰ স্বাস্থ্যৰ বুজ লৈ বিমানবন্দৰৰ বিষয়া সকলৰ সৈতে পৰ্যালোচনামূলক এক বৈঠকত মিলিত হয় ।
ইফালে এই বিমান দুৰ্ঘটনাৰ তদন্তৰ দায়িত্বভাৰ প্ৰদান কৰা হৈছে aircraft accident investigation bureauক । aircraft accident investigation bureau ৰ দল আৰু সেনা বাহিনীয়ে ক্ষীপ্ৰতাৰে তদন্ত আৰম্ভ কৰিছে। ইতিমধ্যে বিমানখনত থকা দুয়োটা ব্লেক বক্স উদ্ধাৰ কৰিছে তদন্তকাৰী দলে । Aircraft accident investigation bureau লৈ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে ব্লেক বক্স দুটা ।
Black Box হৈছে এনে এক আহিলা, যিয়ে বিমান যাত্ৰাৰ সময়ত সংঘটিত সকলো তথ্য, পাইলটৰ কণ্ঠ, যন্ত্ৰপাতিৰ অৱস্থা আদিৰ ৰেকৰ্ড সংৰক্ষণ কৰে। আকস্মিক দুৰ্ঘটনাৰ পাছত, এই Black Boxত সংৰক্ষিত তথ্যই দুর্ঘটনাৰ কাৰণ বুজিবলৈ বিশেষ সহায় কৰে। বিমান দুৰ্ঘটনাৰ তদন্ততো বিশেষভাৱে সহায়কাৰী হিচাপে পৰিগণিত হয় বিমান থকা এই ব্লেক বক্স । অতি সোনকালেই এই দুটা ব্লেক বক্সৰ পৰা সকলো তথ্য পুনৰুদ্ধাৰ কৰি দুৰ্ঘটনাৰ প্ৰকৃত কাৰণ উদ্ঘাটন কৰিব পৰা যাব বুলি মন্তব্য কৰে অসামৰিক বিমান পৰিবহন মন্ত্ৰী কিঞ্জাৰাপু ৰাম মোহন নাইডুৱে ।