আহমেদাবাদত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

0

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি আহমেদাবাদত উপস্থিত হয়। বৃহস্পতিবাৰে সংঘটিত হোৱা দুঃখজনক বিমান দুৰ্ঘটনাৰ স্থান পৰিদৰ্শন কৰিবলৈ আহমেদাবাদত উপস্থিত হয় প্ৰধানমন্ত্ৰী গৰাকী । Air India ৰ Boeing 787 বিমানখন মেঘানীনগৰৰ ওচৰত যান্ত্ৰিক বিজুতিৰ ফলত দুৰ্ঘটনাগ্ৰস্ত হয়। প্ৰধানমন্ত্ৰীগৰাকীয়ে দুৰ্ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ কাৰ্য আৰু ধ্বংসাৱশেষ পৰিদৰ্শন কৰে।

তেওঁ প্রায় ২০ মিনিট ধৰি সেইস্থান পৰিদৰ্শন কৰি উদ্ধাৰকাৰী দলৰ সৈতে আলোচনাত মিলিত হয়। তাৰ পাছত তেওঁ চিভিল হস্পিটেলত গৈ আহত সকলক সাক্ষাৎ কৰে আৰু চিকিৎসকৰ পৰা অৱস্থাৰ বিৱৰণ লয়। তেওঁ দুৰ্ঘটনাৰ একমাত্ৰ জীৱিত যুৱক, বিশ্বাস কুমাৰ ৰমেশৰ সৈতে কথা পাতি তেওঁৰ সাহসিকতাক প্ৰশংসা কৰে।

প্ৰধানমন্ত্ৰীয়ে ৰাজ্যিক চৰকাৰ আৰু বিমান পৰিচালন বিভাগৰ বিষয়াসকলৰ সৈতে বৈঠক কৰি পৰিস্থিতি সম্পৰ্কে বুজ লয়। এই পৰিদৰ্শনে জনতাৰ সৈতে কেন্দ্ৰীয় চৰকাৰৰ সংৱেদনশীলতা আৰু সহানুভূতিৰ প্ৰকাশ কৰিছে।

Leave A Reply

Your email address will not be published.