আজি ষট পূজা

0

ষট পূজা হৈছে এটা প্রাচীন বৈদিক হিন্দু উৎসৱ, যাৰ মূল উদ্দেশ্য সূর্য দেৱতা আৰু তেওঁৰ পত্নী ঊষা আৰু সন্ধ্যাক পূজা-অৰ্চনা কৰা। ভাৰতৰ বিহাৰ, ঝাৰখণ্ড, ওড়িশা, পশ্চিমবংগ, আৰু নেপালত আৰম্ভ হোৱা এই উৎসৱটি আজিকালি সমগ্ৰ ভাৰত তথা বিদেশতো সমান উৎসাহেৰে পালন কৰা হয়। উত্তৰ ভাৰতৰ অন্যতম জনপ্রিয় উৎসৱ হিচাপে পৰিচিত এই পূজাই অসমৰ উত্তৰ-পূব ৰাজ্যসমূহতো স্থান পাইছে।

প্ৰতি বছৰে কার্তিক মাহৰ শুক্ল পক্ষৰ ষষ্ঠী তিথিত ষট পূজা অনুষ্ঠিত কৰা হয়। সূর্য দেৱতাৰ উপাসনাৰ সৈতে সম্পর্কিত এই পূজাত সূর্য দেৱতা, ঊষা আৰু সন্ধ্যাক মূল আৰাধ্য হিচাপে মানি পূজা কৰা হয়। সূৰ্য দেৱতাৰ আটাইতকৈ সৰু পত্নী ঊষাদেৱীক ‘ছঠি মাইয়া’ বুলি জনা যায়। সেয়েহে ‘ছটি মাইয়া’ৰ নামৰ পৰা আহিছে এই পূজা ভাগৰ নাম। আনফালে, যিহেতু পূজা ভাগ ষষ্ঠী তিথিত অনুষ্ঠিত হয়, সেয়েহে “ষষ্ঠী” শব্দৰ পৰা ‘ষট’ নামটো জনা গৈছে।

এই পূজা ভাগ হিন্দু ধৰ্মৰ উৎসৱ যদিও আজিকালি অন্য ধৰ্ম আৰু অন্য ভাষাৰ লোকেও একেদৰে উৎসৱটো জানি পালন কৰে। এই পূজা ভাগ চাৰিদিনীয়া কৈ পালন কৰা হয়- প্ৰথম দিনাখন হৈছে পৱিত্ৰ স্নানৰ দিন, তাৰপিছত নিৰামিষ আহাৰ গ্ৰহণ কৰে , তৃতীয় দিনটোত নির্জলা ব্রত আৰু সূৰ্য প্ৰাৰ্থনা, আৰু শেষৰটো দিনত উদিত সূর্যক অর্ঘ্য প্ৰদানৰ মধ্যমেৰে পূজাৰ সমাপ্তি ঘটে।

ষট পূজাত কোনো ধৰনৰ মূর্তিৰে উপাসনা কৰা নহয়। ইয়াত উদিত আৰু অস্তমান সূৰ্যক প্রণাম আৰু অর্ঘ্য দিয়া হয়। যদিও বর্তমান কিছুমান পূজা সমিতিয়ে ঘাটৰ ওচৰত সূৰ্য আৰু ঊষাৰ প্ৰতিমা প্রতিষ্ঠা কৰে যদিও এই পূজা ভাগ প্ৰকৃতি আৰু সূৰ্যৰ প্ৰতি গভীৰ কৃতজ্ঞতাৰ এক প্রতীক।

পূজাৰ প্ৰথম দিনাখনে ‘লাও-ভাত’ খোৱাৰ নিয়ম আছে, আৰু তাৰপিছত ৩৬ ঘণ্টাৰ নিৰ্জলা উপবাস পালন কৰা হয়। তেতিয়াৰে পৰা পূজাৰ শেষলৈকে নিষিদ্ধ হয় নিমখ, নহৰু, মাছ-মাংস আদি। পূজাত সম্পূর্ণ সাত্ত্বিক আহাৰ আৰু নৈবেদ্য অর্পণ কৰা হয়। কূলা ফল মূল, মিঠাই, গুড়, গাখীৰ আৰু পৰম্পৰাগত বিহাৰী সম্প্ৰদায়ৰ খাদ্য তথা প্ৰসাদ “ঠেকুৱা” সূৰ্যক দেহতাক উচৰ্গা কৰা হয়। পূজাৰ অন্তত আত্মীয়-স্বজন, লগ বন্ধু সকলৰ মাজত প্ৰসাদ বিলোৱা হয়, যি এই উৎসৱৰ সামাজিক সম্প্ৰীতিৰ এক উৎকৃষ্ট নিদর্শন।

ভক্তসকলে মনোকামনা পূৰণ ৰ অৰ্থে অতি শ্ৰদ্ধাৰে নদীৰ ঘাটলৈ যাত্রা কৰে।

আজিৰ যুগত ষট পূজা ধর্ম-বর্ণ ভেদভাৱ উলংঘি এক সৰ্বজনীন উৎসৱৰ ৰূপ লৈছে। বিভিন্ন ভাষা আৰু ধর্মবিশ্বাসৰ মানুহে এই পূজাৰ আধ্যাত্মিক অর্থ উপলব্ধি কৰি হৃদয়ৰ পৰা আঁকোৱালি লৈছে। সূর্য দেৱতাৰ পূজাৰ মাজেৰে জীৱনৰ শক্তি, শুদ্ধতা আৰু বাণী প্ৰচাৰ কৰা এই উৎসৱ আমাৰ সমাজৰ ঐক্য, ভক্তি আৰু প্ৰকৃতিপ্ৰেমৰ এক অমল প্ৰতিক ৰূপে স্থিৰ হৈ আছে।

Leave A Reply

Your email address will not be published.