আজি কাতি বিহু
কাতি বিহু বা কঙালী বিহু অসমৰ তিনিটা বিহুৰ অন্যতম আৰু এটি মহত্বপূর্ণ জাতীয় উৎসৱ। আহিন মাহৰ শেষৰদিনা তথা কাতি মাহৰ প্ৰথম দিনা, অৰ্থাৎ আহিন-কাতিৰ সংক্ৰান্তিৰ দিনটোত এই বিহু পালন কৰা হয়। এই সময়ত অসমবাসীৰ ভঁৰালৰ ধান প্ৰায় শেষ হৈ আহে, নতুন শালি ধান চপাবলৈ বাকী থাকে মাথোঁ কেইটামান মাহ। অভাৱ-অনাটনৰ এই সময়চোৱাত জীৱনলৈ আনে এক নীৰৱতা, এক অন্তৰ শুদ্ধিৰ মুহূৰ্ত। সেই কাৰণেই এই বিহুক কঙালী বিহু বুলি কোৱা হয় — কঙালী অৰ্থাৎ অভাৱৰ মাজতো আশাৰ দীপ জ্বলাই ৰাখা হয়।

এই বিহুৰ দিনা গধূলি বেলাত প্ৰায় প্ৰতিটো অসমীয়া মানুহৰ ঘৰতে তুলসীৰ পুলি ৰুই তাৰ গুৰিত চাকি জ্বলাই প্ৰাৰ্থনা কৰে । মানুহৰ বিশ্বাস মতে —এই পবিত্র দিনটোতে লখিমী দেবীক গৃহলৈ আহিবলৈ আহ্বান জনায় । লগতে ঘৰৰ চোতালৰ চাৰিওফালে, ভঁৰাল, ঢেঁকীশাল, গোহালি, ধাননি পথাৰ আৰু হাঁহ-ছাগলীৰ গঁড়ালৰ আগত চাকি জ্বলাই ধানৰ মঙ্গল, গৃহৰ শান্তি আৰু লখিমীৰ আগমন কামনা কৰা হয়। এই আধ্যাত্মিক দিশৰ লগতে কিছুমান ঠাইত “আকাশ বন্তি” জ্বলোৱা পৰম্পৰা আছে – য’ত বাঁহৰ লাঠীৰ মূৰত চাকি জ্বলায় আকাশখন উজ্জ্বল কৰা হয়। এই উৎসৱটো শস্যৰ বৃদ্ধি আৰু ধৰাৰ মঙ্গলকামনাৰে পৰিপূৰ্ণ এক পবিত্ৰ প্ৰাৰ্থনাৰ ৰূপ। কৃষকৰ বিশ্বাস মতে, শস্যৰ ক্ষেত্ৰত এই দীপে শুভ শক্তিৰ আগমন ঘটে।
এই বিহুত কোনো ধৰনৰ উলহ-মালহ নাথাকে কিন্তু ইয়াৰ গুৰত্ব ইয়াক বিশেষত্ব দিছে। শৰতৰ দৰে শান্ত, স্নিগ্ধ আৰু ধৰ্মীয় সমাহিত হৈ এই পৰিৱেশত এই বিহু পালন কৰা হয়। এই সময়ত মানুহে নিজৰ অহংকাৰ ত্যাগ কৰি আধ্যাত্মিকতাৰ পথত আগুৱাই যায়।

পুৰণি মানুহে কয়– “তুলসীৰ তলে মৃগ পহু চৰে, তাকে দেখি ৰামচন্দ্ৰে শৰ-ধনু ধৰে।” এই কথাষাৰে যেন কাতি বিহুৰ গভীৰ অৰ্থ বুজায় – অন্ধকাৰৰ মাজতো পৱিত্ৰতাৰ উজ্জ্বলতা , অভাৱৰ মাজতো আশা। সেয়ে কাতি বিহু আমাৰ বাবে কেৱল এটা উৎসৱ নহয়, ই আমাৰ আবেগ । আহিনৰ শেষৰ দিনা জ্বলোৱা চাকি মাথোঁ চাকি নহয় – ই আশা আৰু বিশ্বাসৰ প্ৰতি এক প্ৰতীক, যি কঙালী বিহুক আমাৰ জীৱনৰ অমূল্য সম্পদ হিচাপে সজাই ৰখাই হয়।