আজিৰে পৰা সংসদৰ বৰ্ষাকালীন অধিবেশন
আজিৰে পৰা আৰম্ভ হৈছে সংসদৰ বৰ্ষাকালীন অধিৱেশন। অধিৱেশনৰ সময়ছোৱাত উভয় সদনৰ মুঠ ২১ খন বৈঠক অনুষ্ঠিত হ’ব। উল্লেখযোগ্য যে অপাৰেচন সিন্দূৰৰ পাছত এয়া হৈছে সংসদৰ প্ৰথমখন অধিৱেশন। সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে দেওবাৰে নতুন দিল্লীৰ সংসদ ভৱনত ৰাজ্যসভাৰ নেতা জেপি নাড্ডাৰ সভাপতিত্বত এখন সর্বদলীয় বৈঠক অনুষ্ঠিত হয়। বৈঠকত বিৰোধী পক্ষৰ সদস্যসকলে অপাৰেচন সিন্দূৰ সন্দৰ্ভত চৰকাৰ আৰু প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সদনত বিবৃতি দিব লাগে বুলি প্ৰস্তাৱ আগবঢ়ায়।
আজি অধিবেশনৰ প্ৰথম দিনটোত অধিৱেশন আৰম্ভ হোৱাৰ পূৰ্বে সংবাদ মাধ্যমক সম্বোধন কৰি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অপাৰেচন সিন্দুৰৰ সফলতাক বিজয় উৎসৱ বুলি অভিহিত কৰে । লগতে সংসদত দেশৰ সশস্ত্ৰ বাহিনীক ঐক্যবদ্ধ ভাৱে চেল্যুট কৰাৰ আহ্বান জনায় ।
ইফালে সংসদ চলি থকাৰ মাজতেই তীব্ৰ বাক-বিতণ্ডাত লিপ্ত হয় কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গে আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা । অপাৰেচন সিন্দুৰক কেন্দ্ৰ কৰি সৃষ্টি হোৱা এই তৰ্কযুদ্ধত মল্লিকাৰ্জুন খাৰ্গে কয় যে, অপাৰেচন সিন্দুৰত কি হৈছিল সেইয়া চৰকাৰে প্ৰকাশ কৰিব লাগিব । কিয়নো ট্ৰাম্পে তেওঁৰ বাবেই ভাৰত পাকিস্তানৰ মাজত যুদ্ধ বিৰতি হোৱা বুলি দাবী কৰিছে । অৱশ্যে সেই সন্ত্ৰাসবাদী সকল এতিয়াও ধৰা নপৰিল বুলি খাৰ্গে প্ৰশ্ন উত্থাপন কৰে।
আনহাতে খাৰ্গেক প্ৰত্যুত্তৰ প্ৰদান কৰি জে পি নাড্ডাই কয় যে, স্বাধীনতাৰ পিছৰে পৰা অপাৰেচন সিন্দুৰৰ দৰে কোনো অভিযান আজিলৈকে হোৱা নাই । অপাৰেচন সিন্দুৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যি কৰিছে, সেয়া সঁচাকৈয়ে অভুতপূৰ্ব।
উল্লেখযোগ্য যে, ৰাজ্যসভাত আজি অসমৰ পৰা নিৰ্বাচিত দুগৰাকী সদস্যক্ৰমে, অগপৰ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, আৰু বিজেপিৰ কনাড পুৰকায়স্থই শপত গ্ৰহণ কৰে । তেওঁলোকৰ লগতে শপত গ্ৰহণ কৰে ৩ গৰাকী মনোনীত সদস্য ড° মিনাক্ষী জৈন, সি সদানন্দন মাষ্টাৰ আৰু হৰ্ষবৰ্দ্ধন শ্ৰিংলাৰে । অধ্যক্ষ জগদীপ ধনখৰে আটাইকেইজনকে শপত বাক্য পাঠ কৰোৱায় ।