অপাৰেচন সিন্দুৰৰ মাজতেই মেচত অৱতীৰ্ণ হ’ব ভাৰত-পাকিস্তান

0

মঙলবাৰে মুম্বাইস্থিত ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হয় চলিত বৰ্ষত অনুষ্ঠিত হ’বলগীয়া এছিয়া কাপৰ বাবে ভাৰতীয় পুৰুষ দলৰ বাচনি প্ৰক্ৰিয়া । এই বাছনি বৈঠকৰ পিছতেই অধিনায়ক সূৰ্যকুমাৰ যাদৱ আৰু জ্যেষ্ঠ পুৰুষ বাছনি সমিতিৰ অধ্যক্ষ অজিত আগৰকাৰে এখনি সংবাদ মেল সম্বোধন কৰে । সংবাদ মেল যোগে এছিয়া কাপত অংশগ্ৰহণ কৰিবলগীয়া ভাৰতীয় দলৰ খেলুৱৈ সকলৰ নাম প্ৰকাশ কৰা হয় । কিন্তু সেই সময়তেই চৰ্চালৈ আহিছে এছিয়া কাপৰ আন এক সংবেদনশীল বিষয়।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰা অনুসৰি দেশৰ চিৰবৈৰী পাকিস্তানৰ বিৰুদ্ধে এতিয়াও অপাৰেচন সিন্দুৰ অভিযান অব্যাহত আছে । পেহেলগাম আক্ৰমণৰ পিছতেই ভাৰতৰ অনুৰাগীসকলে পাকিস্তানৰ বিৰুদ্ধে মেচ সমূহ ভাৰতে বৰ্জন কৰাৰ মত পোষণ কৰিছিল। কিন্তু এছিয়া কাপৰ সময়সূচী প্ৰকাশ হোৱাৰ পিছতেই ব্যাপক চৰ্চা লাভ কৰিছে ভাৰত পাকিস্তানৰ মেচৰ বিষয়টোৱে । সমগ্ৰ দেশতেই উক্ত বিষয়টোক লৈ বিতৰ্ক অব্যাহত থকাৰ সময়তেই ভাৰতীয় ক্ৰীড়া মন্ত্ৰণালয়ে ঘোষণা কৰিছে এক বিশেষ নীতি । এই নীতি অনুসৰি, পূৰ্বৰ দৰেই চিৰবৈৰী দেশখনৰ সৈতে দ্বিপাক্ষিক ক্রিকেট শৃংখলা বন্ধ থাকিব। কিন্তু বহুদেশীয় প্রতিযোগিতাত পাকিস্তানৰ বিৰুদ্ধে প্রতিদ্বন্দ্বিতা কৰাত ভাৰতৰ কোনো বাধা নাথাকিব। অৰ্থাৎ ১৪ ছেপ্টেম্বৰত ডুবাইত হ’বলগীয়া ভাৰত আৰু পাকিস্তানৰ মাজৰ খেলখন অনুষ্ঠিত হোৱাতো নিশ্চিত হৈ পৰিছে । মন্ত্রণালয়ৰ নীতিত কোৱা হৈছে যে বিশ্ব ক্রিকেটৰ সৰ্বোচ্চ সংস্থা আন্তঃৰাষ্ট্ৰীয় ক্রিকেট কাউঞ্চিল অথবা এছিয়ান ক্রিকেট কাউঞ্চিলৰ টুর্নামেন্টত ভাৰতীয় দলে পাকিস্তানৰ বিৰুদ্ধে প্রতিদ্বন্দ্বিতা কৰিব। তেনেদৰে, বিশ্বকাপ অথবা আন আগশাৰীৰ টুর্নামেন্ট ভাৰতত অনুষ্ঠিত হ’লে তাত অংশ লোৱাৰ বাবে ভাৰত ভ্ৰমণৰ অনুমতি পাব পাকিস্তানী খেলুৱৈয়ে। কিন্তু দুই চুবুৰীয়া দেশৰ মাজৰ ক্ৰিকেট সম্পৰ্কৰ বিষয়টোত ক্রীড়া মন্ত্রণালয়ৰ স্থিতি হৈছে যে দল দুটাৰ মাজৰ দ্বিপাক্ষিক ক্রিকেট শৃংখলাত চৰকাৰৰ অনুমোদন নাথাকিব। পাকিস্তানৰ সৈতে খেলিবলৈ ভাৰতীয় দলে দেশখন ভ্রমণ নকৰে। তেনেদৰে পাকিস্তান দলকো ভাৰত ভ্ৰমণৰ অনুমতি দিয়া নহ’ব।

Leave A Reply

Your email address will not be published.