IPL ২০২৫ ৰ ফাইনেলত প্ৰৱেশ ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ
সুদীৰ্ঘ ৯বছৰৰ অন্তত আই পি এলৰ ফাইনেলত প্ৰৱেশ ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ । ২০১৬ চনত চিন্নাস্বামী ষ্টেডিয়ামত অনুষ্ঠিত আই পি এলৰ ফাইনেল মেচত ছানৰাইজাৰ্ছ হাইদৰাবাদৰ বিপক্ষে মুখ থেকেৰা খাইছিল দলটোৱে । বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা আই পি এল ২০২৫ ৰ প্ৰথমখন প্লে অফ মেচত পঞ্জাৱ কিংছক পৰাজিত কৰি ২০২৫ৰ ফাইনেলত প্ৰৱেশ কৰা প্ৰথমটো দল হিচাপে পৰিগণিত হৈছে আৰ চি বি । ইয়াৰ পিছতেই উৎকণ্ঠা বৃদ্ধি পাইছে আৰ চি বিৰ অনুৰাগীৰ । কিয়নো দৰ্শক তথা অনুৰাগীৰ বহু অপেক্ষাৰ অন্তত আৰ চি বি এই পৰ্যায়ত উপনীত হৈছে ।
প্ৰথমে বেটিং কৰি পঞ্জাৱ কিংছে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুক ১০২ ৰাণৰ লক্ষ্য বান্ধি দিছিল । ১৪ অ’ভাৰ এটা বলতেই পঞ্জাৱ কিংছে আটাইকেইটা উইকেট হেৰুৱাই বিপদৰ সন্মুখীন হৈছিল । উল্লেখযোগ্য যে পঞ্জাৱে বান্ধি দিয়া লক্ষ্যত উপনীত হ’বলৈ ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুক প্ৰয়োজন হৈছিল ১০ অভাৰৰ । বেংগালুৰুৰ দলটোৱে এই দহ অভাৰত কেৱল মাত্ৰ দুটা উইকেট হেৰাৱায় । ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ হৈ ফিল চল্টে ২৭ টা বলত দুৰ্দান্ত ৫৬ ৰাণৰ ইনিংছ খেলাৰ বিপৰীতে সুয়চ শৰ্মাই ৩ অভাৰত ১৭ ৰাণ দি ৩টা উইকেট দখল কৰে । মেচৰ অন্তত সুয়চ শৰ্মাক প্লেয়াৰ অফ দা মেচৰ সন্মান প্ৰদান কৰা হয় ।
ইফালে আজি গুজৰাট টাইটানছ আৰু মুম্বাই ইণ্ডিয়ানছৰ মাজত অনুষ্ঠিত হ’ব প্লে অফৰ দ্বিতীয় খন মেচ। আনহাতে জুনৰ ৩ তাৰিখূ আহমেদাবাদত অনুষ্ঠিত হ’ব অষ্টাদশ সংস্কৰণৰ ফাইনেল মেচ খন । অৱশ্যে আৰু চি বিৰ লগত আন কোনটো দলে ফাইনেলত প্ৰৱেশ কৰিব, সেয়া পৰৱৰ্তী দুখন মেচৰ অন্তত হে জানিব পৰা যাব ।