আপুনি কৃত্ৰিম ছ’ডা খাই নেকি!

পৰম্পৰাগত কলখাৰ আঁকোৱালি ললে সু স্বাস্থ্য হৈ থাকিব আপুনিও। অসমীয়া খাদ্য সংস্কৃতিৰ কথা ক’বলৈ গ’লেই প্ৰথমেই মনলৈ আহে খাৰৰ কথা। যাৰ বাবেই আমাক ‘খাৰখোৱা অসমীয়া’ বুলিও জনা যায়। কিন্তু আপুনি জানেনে, আমাৰ পৰম্পৰাগত থলুৱা পদ্ধতিৰে ভীমকলৰ পৰা প্ৰস্তুত কৰা ‘কলখাৰ’ কেৱল ব্যঞ্জনৰ সোৱাদ বঢ়াবলৈকে ব্যৱহাৰ কৰা নহয়, বৰঞ্চ ই আমাৰ শৰীৰৰ বাবে এক মহৌষধস্বৰূপ। পেটৰ যিকোনো সমস্যা খন্তেকতে নিৰাময় কৰিব পৰা এই প্ৰাকৃতিক এণ্টাচিডবিধৰ প্ৰস্তুত প্ৰণালী আৰু উপকাৰিতাৰ ওপৰত আমাৰ এক বিশেষ প্ৰতিবেদন।
দুপৰীয়াৰ ভাত সাঁজত এটুপি খাৰ নহ’লে যেন অসমীয়া মানুহৰ তৃপ্তি নাহে। যুগ যুগ ধৰি চলি অহা অসমীয়া খাদ্য সংস্কৃতিৰ আটাইতকৈ মুখ্য আৰু স্বকীয় উপাদানবিধেই হৈছে কলখাৰ। কিন্তু বজাৰত পোৱা কৃত্ৰিম ছ’ডাৰ বিপৰীতে সম্পূৰ্ণ প্ৰাকৃতিক উপায়েৰে ঘৰতে প্ৰস্তুত কৰা এই কলখাৰৰ গুণাগুণ সঁচাকৈয়ে অপৰিসীম।
এই পৰম্পৰাগত কলখাৰ প্ৰস্তুত কৰাৰ পদ্ধতিটো অতি আমোদজনক। সাধাৰণতে থলুৱা ভীমকলৰ শুকান বাকলি, কলপাতৰ ঠাৰি বা কলগছৰ ডিল প্ৰথমতে ৰ’দত ভালদৰে শুকুৱাই লোৱা হয়। তাৰ পিছত সেইবোৰ পুৰি ছাই কৰা হয় আৰু সেই ছাইখিনিত পানী দি বাঁহৰ সঁজুলি বা কাপোৰেৰে চেকি যি পানী উলিওৱা হয়, সেয়াই হৈছে খাঁটি কলখাৰ।
চিকিৎসা বিজ্ঞান আৰু আয়ুৰ্বেদৰ মতে, এই কলখাৰ হৈছে শৰীৰৰ বাবে এবিধ প্ৰাকৃতিক এণ্টাচিড (Antacid)। বৰ্তমান সময়ত আমাৰ তেল-মচলাযুক্ত খাদ্য খোৱাৰ ফলত হোৱা পেটৰ অম্লতা অৰ্থাৎ এচিডিটিৰ সমস্যা এই কলখাৰে পলকতে নাইকীয়া কৰিব পাৰে। ই পাকস্থলী ঠাণ্ডা কৰি ৰাখে আৰু গেছৰ সমস্যা দূৰ কৰে।
কেৱল এচিডিটিয়েই নহয়, বৰঞ্চ কোষ্ঠকাঠিন্য বা পেট খোলোচা নোহোৱা সমস্যাত ভোগা লোকসকলৰ বাবেও কলখাৰ অত্যন্ত উপকাৰী। দুপৰীয়াৰ আহাৰৰ আৰম্ভণিতে খাৰ খোৱাৰ অভ্যাসে আমাৰ হজম শক্তি বহুগুণে বৃদ্ধি কৰে। গতিকে কৃত্ৰিম ঔষধ খাই শৰীৰৰ ক্ষতি কৰাতকৈ আমাৰ ককাই-আইতাৰ দিনৰ এই পৰম্পৰাগত কলখাৰক খাদ্য তালিকাত স্থান দিয়াটো সুস্বাস্থ্যৰ বাবে অতি প্ৰয়োজনীয়।
আমাৰ পূৰ্বপুৰুষসকলে খাদ্যৰ তালিকাত খাৰ অন্তৰ্ভুক্ত কৰাৰ অন্তৰালত কেৱল সোৱাদেই নাছিল, আছিল এক গভীৰ স্বাস্থ্য সজাগতা। তেন্তে কৃত্ৰিম চোডা পৰিহাৰ কৰক আৰু ঘৰুৱা কলখাৰ ব্যৱহাৰ কৰি নিজক সুস্থ ৰাখক।