হিটলাৰৰ জন্মস্থানক আৰক্ষী থানালৈ ৰূপান্তৰ

অট্টালিকাটোৰ বাবে ব্যয় কৰা হৈছে প্ৰায় ২ কোটি ইউৰো।
অষ্ট্ৰিয়াই তীৰ্থস্থানত পৰিণত হোৱাৰ আশংকা ৰোধ কৰিবলৈ এড’লফ হিটলাৰৰ জন্মস্থানক আৰক্ষী থানালৈ ৰূপান্তৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ১৮৮৯ চনত জাৰ্মান স্বৈৰাচাৰী শাসক এড’লফ হিটলাৰৰ জন্ম হোৱা অট্টালিকাটোত শীঘ্ৰেই এখন আৰক্ষী থানা স্থাপন কৰা হ’ব। এই পদক্ষেপৰ লক্ষ্য হৈছে বহু দশক ধৰি চলি অহা এই বিতৰ্কৰ অন্ত পেলোৱা যে, এই স্থানক দূৰ-দূৰণিৰ চৰমপন্থীসকলৰ তীৰ্থস্থানত পৰিণত হোৱাৰ পৰা কেনেকৈ ৰক্ষা কৰা যায়।
জাৰ্মানীৰ সীমান্তৰ ওচৰত ছাল্জবাৰ্গৰ উত্তৰত অৱস্থিত ব্ৰাউনাউ আম ইন চহৰৰ Salzburger Vorstadt 15 নামৰ ১৭শ শতিকাৰ এই ঐতিহাসিক অট্টালিকাটো ইতিমধ্যে অষ্ট্ৰিয়া চৰকাৰে ৰাষ্ট্ৰীয়কৰণ কৰিছে।
এই অট্টালিকাটোৰ বাবে প্ৰায় ২ কোটি ইউৰো ব্যয় কৰা হৈছে। অষ্ট্ৰিয়াৰ গৃহমন্ত্ৰী গেৰহাৰ্ড কাৰ্নাৰে নতুন আৰক্ষী থানাটোৰ আনুষ্ঠানিক উদ্বোধন কৰিব।অট্টালিকাটোৰ সম্পৰ্কে গঠন কৰা ১৩ জন বিশেষজ্ঞৰ এখন আয়োগৰ পৰামৰ্শৰ ভিত্তিত অষ্ট্ৰিয়া চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰে। ২০১৬ চনত দাখিল কৰা প্ৰতিবেদনত আয়োগে এই স্থানত সংগ্ৰহালয় স্থাপনৰ প্ৰস্তাৱ নাকচ কৰাৰ পৰামৰ্শ দিছিল। আয়োগৰ মতে, সংগ্ৰহালয় স্থাপন কৰিলে ইয়াক আগন্তুকসকলে ভুলভাৱে উপস্থাপন বা ব্যৱহাৰ কৰাৰ আশংকা থাকিব।
আনহাতে, অট্টালিকাটো ভাঙি পেলোৱাৰ পৰিকল্পনাও বাস্তৱায়িত কৰা নহ’ল, কিয়নো ই ব্ৰাউনাউ চহৰৰ ঐতিহাসিক কেন্দ্ৰৰ অংশ আৰু ঐতিহ্য সংৰক্ষণ আইনৰ অধীনত সুৰক্ষিত। আয়োগে আশংকা প্ৰকাশ কৰিছিল যে, অট্টালিকাটো ধ্বংস কৰিলে সেয়া ইতিহাস অস্বীকাৰ কৰাৰ প্ৰতীক হিচাপে ব্যাখ্যা কৰা হ’ব পাৰে। আয়োগৰ মতে, এই অট্টালিকাটো আৰক্ষী থানা হিচাপে ব্যৱহাৰ কৰিলে সাধাৰণ জনতাৰ প্ৰৱেশ নিয়ন্ত্ৰিত হ’ব, লগতে ৰাজ্যিক কৰ্তৃত্বৰ উপস্থিতিও নিশ্চিত হ’ব। ইয়াৰ উপৰিও, চৰকাৰী প্ৰতিষ্ঠান হিচাপে ইয়াত স্থিৰতা আৰু জনবিশ্বাস বজাই ৰখাত সহায়ক হ’ব।
অৱশ্যে এই সিদ্ধান্তক লৈ সমালোচনাও অব্যাহত আছে। ২০২৩ চনত এই অট্টালিকাটোৰ ভৱিষ্যৎ সম্পৰ্কে আলোচনা চলোৱা এটা গোটে কৰা সমীক্ষাত ১,০০০ জন উত্তৰদাতাৰ ভিতৰত মাত্ৰ ৬ শতাংশই প্ৰশাসনিক ব্যৱহাৰৰ পক্ষত মত প্ৰকাশ কৰিছিল। ইয়াৰ বিপৰীতে, অর্ধেকতকৈ অধিক লোকে ইয়াত স্মৃতি সংৰক্ষণ কেন্দ্ৰ আৰু ফেচিবাদ বিৰোধী প্ৰতিষ্ঠান গঢ়ি তোলাৰ পক্ষে মত দিয়ে। আনহাতে, প্ৰায় এক-চতুৰ্থাংশ লোকে অট্টালিকাটো সম্পূৰ্ণৰূপে ভাঙি পেলোৱাৰ পৰামৰ্শ আগবঢ়াইছিল।