প্ৰকৃতিৰ সোনালী ঔষধ কেঁচা হালধি

0

ইয়াত আছে কাৰকিউমিন নামৰ এক শক্তিশালী উপাদান।হালধি হৈছে এনে এক মছলা যিটো শতক শতক জুৰি ভাৰতীয় পাকঘৰত এক গুৰুত্বপূৰ্ণ উপাদান হৈ আহিছে, বিশেষকৈ খাদ্যৰ সোৱাদ বৃদ্ধিৰ বাবে,আমাৰ পাকঘৰত সহজে পোৱা এই সোনালী মছলাবিধ কেৱল খাদ্যৰ সোৱাদ আৰু ৰং বৃদ্ধিয়ে নকৰে, স্বাস্থ্যৰ বাবেও ই বহু উপকাৰী। কেঁচা হালধিত আছে কাৰকিউমিন নামৰ এক শক্তিশালী উপাদান , যিয়ে শৰীৰত প্ৰদাহ কমোৱাত সহায় কৰে। স্বাস্থ্যৰ প্ৰতিকাৰ আৰু সৌন্দৰ্য্যৰ বাবে ব্যৱহাৰ কৰা হয় হালধি। এন্টি-ইনফ্লেমেটৰী, এন্টিবেক্টেৰিয়েল আৰু এন্টিঅক্সিডেন্ট গুণৰ বাবে পৰিচিত ই ছালখন উজ্জ্বল কৰে, ব্ৰণ হ্ৰাস কৰিব পাৰে আৰু বাৰ্ধক্যৰ প্ৰাৰম্ভিক লক্ষণসমূহৰ বিৰুদ্ধে যুঁজ দিয়ে। কেঁচা হালধিৰ আছে বহু উপকাৰীতা গুণ, নিয়মীয়াকৈ পৰিমিত পৰিমাণে কেঁচা হালধি সেৱন কৰিলে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পোৱাত সহায় কৰে ,চৰ্দি-কাঁহ আৰু ডিঙিৰ বিষতো কিছু সকাহ দিয়ে কেঁচা হালধিয়ে। লগতে হজম শক্তি উন্নত কৰাত সহায় কৰে।
কেঁচা হালধিৰ এণ্টিঅক্সিডেণ্ট গুণে শৰীৰৰ কোষসমূহ সুৰক্ষিত ৰাখে।

কিদৰে খাব কেঁচা হালধি ?

পুৱা খালী পেটত এডোখৰ কেঁচা হালধি গৰম গাখীৰৰ সৈতে এক উৎকৃষ্ট উপাদান। কিন্তু অত্যাধিক পৰিমাণে সেৱন কৰাও উচিত নহয়। কেঁচা হালধি আমাৰ দৈনন্দিন জীৱনৰ এক মূল্যৱান প্ৰাকৃতিক উপাদান। সঠিক পৰিমাণত ব্যৱহাৰ কৰিলে ইয়াৰ পৰা স্বাস্থ্যজনিত বহু লাভ পাব পাৰি।

Leave A Reply

Your email address will not be published.