এজোপা বিশেষ গছ ‘মাংকী পাজল’

0

প্ৰকৃতিৰ এক জটিল সাঁথৰ। ২,০০০ বছৰীয়া জীৱন্ত ইতিহাস।
বিলুপ্তিৰ গৰাহৰ পৰা ৰক্ষা কৰিবলৈ চিলিত ব্যাপক অভিযান।
প্ৰকৃতিৰ বুকুত লুকাই আছে বহু আচৰিত উপাদান।বিশ্বৰ এনে এবিধ আচৰিত উদ্ভিদ, যি প্ৰায় ২,০০০ বছৰ পৰ্যন্ত জীয়াই থাকে। চিলিৰ ৰাষ্ট্ৰীয় গছ হিচাপে পৰিচিত এই বিশেষ গছজোপাৰ নাম হৈছে ‘মাংকী পাজল’। ইয়াৰ অনন্য আকৃতি আৰু ঐতিহাসিক গুৰুত্বৰ বাবে সমগ্ৰ বিশ্বতে ই এতিয়া আকৰ্ষণৰ কেন্দ্ৰবিন্দু।
এই গছজোপা অতি জটিল গঠনৰ বাবে ইয়াত বগাবলৈ বান্দৰৰ বাবে অতি কঠিন, আৰু সেইবাবেই ইয়াৰ নাম দিয়া হৈছিল মাংকী পাজল। দক্ষিণৰ চিলি আৰু আৰ্জেণ্টিনাৰ নাতিশীতোষ্ণ বৰ্ষাৰণ্যত পোৱা এই গছবোৰৰ আয়ুস প্ৰায় দুই হাজাৰ বছৰ পৰ্যন্ত হ’ব পাৰে। ৩০ ৰ পৰা ৪০ মিটাৰ পৰ্যন্ত ওখ হোৱা এই গছবোৰৰ কাঁইটীয়া পাত আৰু সমমিত ডাল-পাতেই এক অনন্য সৌন্দৰ্য প্ৰদান কৰে।

মাংকী পাজল গছৰ বৃদ্ধিৰ হাৰ অতি লেহেমীয়া। গছজোপাই প্ৰজনন ক্ষমতা লাভ কৰিবলৈকে প্ৰায় ২০ ৰ পৰা ৩০ বছৰ সময় লয়। ইয়াৰ পূৰঠ শংকুবোৰৰ ওজন প্ৰায় ৫ কেজি হ’ব পাৰে। ই কেৱল এটা প্ৰজাতি নহয়, বৰং পৃথিৱীৰ ইতিহাসৰ এক জীৱন্ত সাক্ষী।”

কেৱল পৰিৱেশেই নহয়, চিলিৰ সাংস্কৃতিক পৰিচয়ৰ সৈতেও এই গছজোপা ওতঃপ্ৰোতভাৱে জড়িত। স্থানীয় থলুৱা ‘মাপুচে’ জনজাতিৰ লোকসকলে অতীতৰে পৰা এই গছৰ পুষ্টিকৰ বীজ খাদ্য হিচাপে গ্ৰহণ কৰি আহিছে। চিলিৰ বিভিন্ন উৎসৱ, লোককথা আৰু কলা-সংস্কৃতিত এই গছে বিশেষ স্থান অধিকাৰ কৰিছে। কিন্তু বৰ্তমান সময়ত বনাঞ্চল ধ্বংস আৰু গোলকীয় উষ্ণতা বৃদ্ধিৰ বাবে এই প্ৰাচীন প্ৰজাতিটো সংকটৰ মুখত পৰিছে। যাৰ বাবে চিলি চৰকাৰে এতিয়া এই ঐতিহ্যবাহী গছজোপাক সুৰক্ষা দিবলৈ ব্যাপক সংৰক্ষণ কাৰ্যসূচী হাতত লৈছে।

প্ৰকৃতিৰ এই নিখুঁত উপহাৰক ভৱিষ্যত প্ৰজন্মৰ বাবে জীয়াই ৰখাটো এতিয়া এক ডাঙৰ প্ৰত্যাহ্বান হৈ পৰিছে। বিশ্বৰ পৰিৱেশ সুৰক্ষাৰ আলোচনাত চিলিৰ এই ২,০০০ বছৰীয়া পুৰণি গছজোপাই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

Leave A Reply

Your email address will not be published.