প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ নামত আহি আছে প্ৰথমখন ছবি

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ নামত আহি আছে প্ৰথমখন ছবি। এই ছবিখনৰ নাম হৈছে- লভ ইউ জুবিন দা। হাৰ্টথ্ৰবগৰাকীৰ নামত এই ছবিখন নিৰ্মাণ হ’ব পশ্চিম বংগত। তিনিটা ভাষাত নিৰ্মান হ’ব ছবিখন।বঙালীৰ লগতে অসমীয়া আৰু হিন্দী ভাষাতো মুক্তি লাভ কৰিব। গ্ৰীবছ মিডিয়া এণ্ড প্ৰডাকচন প্ৰাইভেট লিমিটেড আৰু বৰ্ষা মুভিজৰ সহযোগ নিৰ্মাণ হ’ব এই ছবিখন।ছবিখনৰ প্ৰযোজক ফাৰুক উদ্দিন আৰু পৰিচালক শ্ৰী প্ৰীতম।
যোৱা শনিবাৰে এই ছবিখনৰ পোষ্টাৰ মুকলি কৰা হয় গুৱাহাটীৰ জ্যোতি চিত্ৰবনৰ কলাগুৰু প্ৰেক্ষাগৃহত। ছবিখনৰ পৰিচালকে সদৰি কৰা অনুসৰি, এগৰাকী জুবিন অনুৰাগীৰ জীৱনক লৈ নিৰ্মাণ কৰা হ’ব এই ছবিখন। এই ছবিখনত জুবিন গাৰ্গৰ কন্ঠত দুটা গান থকাৰ কথাও সদৰি কৰিছে ছবিখন পৰিচালকে। অসম আৰু পশ্চিম বংগত ছবিখনৰ আৰু কিছু শ্বটিং হ’ব। চলিত বৰ্ষৰ শেষৰফালে মুক্তি লাভ কৰিব এই ছবিখনে।