Guwahati Biotech Parkত কামৰূপৰ বৈজ্ঞানিক মৎস্য অভিযান আৰম্ভ

0

গুৱাহাটী বায়’টেক পাৰ্কত শুক্ৰবাৰে মৎস্য খণ্ডক লৈ এক গুৰুত্বপূৰ্ণ কাৰ্যসূচীৰ আয়োজন কৰা হয়। কামৰূপ জিলা প্ৰশাসন আৰু মীন বিভাগে ৰাজ্যৰ ভিতৰত সৰ্বাধিক মৎস্য উৎপাদনৰ লক্ষ্যৰে এক নতুন অভিযান আৰম্ভ কৰিছে। ঐতিহাসিক পুখুৰী আৰু অব্যৱহৃত বিল-জলাশয়ত বৈজ্ঞানিক পদ্ধতিৰে মাছ পালন কৰাৰ পদক্ষেপ লৈছে জিলা প্ৰশাসনে।

মৎস্য উৎপাদনত ৰাজ্যৰ ভিতৰত প্ৰথম স্থান অধিকাৰ কৰাৰ লক্ষ্যৰে কামৰূপ জিলা মীন বিভাগে গ্ৰহণ কৰিছে এক বিশেষ পদক্ষেপ। জিলাখনৰ অব্যৱহৃত বিল-জলাশয় আৰু মৰাসুঁতিত এইবাৰ বৈজ্ঞানিক পদ্ধতিৰে মাছ পালন কৰা হ’ব। সমান্তৰালকৈ কামৰূপৰ ঐতিহাসিক মঠ-মন্দিৰ, সত্ৰ, দৌল-দেৱালয়ৰ ৰাজহুৱা পুখুৰীসমূহতো মৎস্য উৎপাদনৰ ব্যৱস্থা গ্ৰহণ কৰিছে মীন বিভাগে।

মৎস্য উৎপাদনৰ ক্ষেত্ৰত ৰাজ্যৰ ভিতৰত এনেধৰণৰ প্ৰথম পদক্ষেপ গ্ৰহণ কৰিছে কামৰূপ জিলা প্ৰশাসনে। ইতিমধ্যে, কামৰূপ জিলাৰ কেইবাটাও ঐতিহাসিক পুখুৰী বাচনি কৰিছে মীন বিভাগে।
কামৰূপ জিলাৰ ঐতিহাসিক মা চণ্ডিকা দেৱালয় পুখুৰী, গোপেশ্বৰ দেৱালয় পুখুৰী, হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ পুখুৰী আদিতো মৎস্য পালন কৰিব কামৰূপ জিলা মীন বিভাগে।

উল্লেখ্য যে , শুক্ৰবাৰে গুৱাহাটী বায়’টেক পাৰ্কৰ business incubation centre for fisheries and aquaculture ৰ উদ্যোগত আৰু প্ৰধানমন্ত্ৰী মৎস্য পালন যোজনাৰ সহযোগত মৎস্য পালক সকলক উৎসাহিত কৰাৰ উদ্দেশ্যে telent search contest cohorh 2.0 শীৰ্ষক এক অনুষ্ঠানৰ আয়োজন কৰা হয় ।

ইফালে, এই অনুষ্ঠানত দহ গৰাকী মৎস্য পালকক প্ৰধানমন্ত্ৰী মৎস্য সম্পদ যোজনাৰ অধীনত আৰ্থিক অনুদান আগবঢ়োৱা হয় ।

এই বটাঁ প্ৰদান অনুষ্ঠানৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে কামৰূপ জিলাৰ আয়ুক্ত দেৱ কুমাৰ মিশ্ৰই। এই অনুষ্ঠানৰ আদৰণি ভাষণ প্ৰদান কৰে বায়’টেক পাৰ্কৰ জ্যেষ্ঠ বিজ্ঞানী ড০ বুলা চৌধুৰীয়ে। অনুষ্ঠানত উপস্থিত থাকে নাবাৰ্ডৰ মুখ্য সঞ্চালক লোকেন দাস, প্ৰফেছাৰ প্ৰবোধ বৰা আৰু নাইপাৰ গুৱাহাটীৰ অধ্যাপক USN Murty কে ধৰি শতাধিক মৎস্য পালক।

এই পদক্ষেপৰ জৰিয়তে কামৰূপ জিলাক মৎস্য উৎপাদনত স্বাৱলম্বী কৰাৰ লগতে ৰাজ্যৰ অৰ্থনীতিত এক নতুন দিশ মুকলি হ’ব বুলি আশা প্ৰকাশ কৰিছে মীন বিষয়া সকলে ।

Leave A Reply

Your email address will not be published.