“চিয়া ছীডছ স্বাস্থ্যকৰ, কিন্তু ভুল ব্যৱহাৰে কৰিব উপকাৰৰ সলনি ক্ষতি”

0

স্বাস্থ্য সচেতন লোকৰ মাজত চিয়া ছীডছৰ জনপ্রিয়তা দিনে দিনে বৃদ্ধি পাইছে। ওমেগা–৩ ফেটি এচিড, প্ৰটিন, ফাইবাৰ আৰু এণ্টিঅক্সিডেণ্টে পৰিপূর্ণ এই স্মুদি, দৈ, অটছ বা চালাডত সহজেই মিহলি কৰিব পৰা যায়। কিন্তু পুষ্টিবিদৰ মতে চিয়া ছীডছ খোৱা যেন তেনে সহজ হলেও কিছু ভুল কৰিলে উপকাৰৰ সলনি ক্ষতি হ’ব পাৰে।

খাদ্য বিশেষজ্ঞ গৌৰী আনন্দৰ মতে, চিয়া ছীডছ খোৱাৰ সময়ত কেইটামান গুৰুত্বপূর্ণ নিয়ম মানিব লাগে। আটাইতকৈ সাধাৰণ ভুলটো হৈছে তিয়াই নোখোৱাকৈ যদি পোনে পোনে চিয়া ছীডছ খোৱা হয়। চিয়া ছীডছ ওজনতকৈ ১০–১২ গুণ বেছি পানী শোষণ কৰে। সেয়ে শুকান চিয়া ছীডছ খালে ই ডিঙি বা পেটত ফুলি উঠা , গিলিবলে অসুবিধা হোৱা, লগতে শ্বাসৰ সমস্যা সৃষ্টি হ’ব পাৰে।

চিয়া ছীডছৰ সৈতে পৰ্যাপ্ত পৰিমাণে পানী খোৱাও অত্যন্ত গুৰুত্বপূর্ণ। পানী কমকৈ খালে, আঁহৰ বহু মাত্রাৰ ফলত পেটত গধুৰতা, কোষ্ঠকাঠিন্য আৰু গেছৰ সমস্যা দেখা দিব পাৰে। বিশেষজ্ঞ সকলৰ পৰামর্শ মতে—ব্ৰেকফাষ্টৰ সময়ত চিয়া ছীডছ খালে দিনটো যথেষ্ট পৰিমাণে পানী খাই থাকিব লাগিব।

যদি আমিচিয়া ছীডছ খোৱাৰ সঠিক সময় চাওঁ, ৰাতিপুৱা চিয়া ছীডছ খোৱাটো উত্তম বুলি বিশেষজ্ঞ সকলৰ পৰামৰ্শ। বহুতে ৰাতিৰ আহাৰত অন্তৰ্ভুক্ত কৰে যদিও, ৰাতি আহাৰ গ্ৰহণ কৰিলে পেটত গেছৰ সৃষ্টি হ’ব পাৰে আৰু ইয়াৰ দ্বাৰাও সঠিকভাৱে শুব নোৱাৰি।

চিয়া ছীডছ স্বাস্থ্যকৰ হয় যদিও, অধিক পৰিমাণে খালে উলোটা প্ৰতিক্ৰিয়া ঘটিব পাৰে। এবাৰত ২ চামুচতকৈ বেছি খালে পেটৰ বিষ, গেছ আৰু কোষ্ঠকাঠিন্যৰ সৃষ্টি হ’ব পাৰে। আদি সময়ত দেহ আঁহযুক্ত খাদ্যৰ পৰা অভ্যস্ত নোহোৱাকৈ কম পৰিমাণ বৃদ্ধি কৰাই উত্তম।

ইয়াৰ উপৰিও, যিসকল লোকৰ তেজ পাতল বা উচ্চ ৰক্তচাপ আৰু ডায়েবেটিছৰ ঔষধ খায় । তেওঁলোকে চিকিৎসকৰ পৰামৰ্শ নোলোৱাকৈ চিয়া ছীডছ খোৱাটো ঠিক নহয়। ইয়াত ওমেগা-৩ আৰু আঁহ থাকে যিয়ে আন ঔষধৰ লগত বিক্ৰিয়া কৰিব পাৰে।

আজিকালি ওজন কমাবলৈ আৰু স্বাস্থ্যকৰ জীৱনশৈলী বজাই ৰাখিবলৈ চিয়া ছীডছ বহুতৰ প্ৰিয় বস্তু। কিন্তু সামান্য অসাৱধানতাই লাভৰ সলনি ডাঙৰ ক্ষতি কৰিব পাৰে। সেয়ে সচেতন হৈ, সঠিক নিয়ম মানি চিয়া ছীডছ খোৱাটো অত্যন্ত জৰুৰী।

Leave A Reply

Your email address will not be published.