ৰংজুলি বনাঞ্চলত উচ্ছেদ অভিযান

0

ৰংজুলি বনাঞ্চলত উচ্ছেদ অভিযান অব্যাহত |

সংৰক্ষিত বনাঞ্চল বেদখল কৰি বাগান স্থাপন কৰা প্ৰায় ৩৫ হেক্টৰ বনভূমিত উচ্ছেদ চলালে ৰংজুলি বন বিভাগে – দেওশিলা সুৰক্ষিত বনাঞ্চল আৰু বুদুলুং সংৰক্ষিত বনাঞ্চলত চলিল এই অভিযান।

 ৰংজুলিৰ বনাঞ্চলত বৃহস্পতিবাৰে বন বিভাগে চলাইছে এক বৃহৎ উচ্ছেদ অভিযান। সংৰক্ষিত বনাঞ্চলক দখল কৰি স্থাপন কৰা হৈছিল ৰৱৰ আৰু তামোল বাগান। ইয়াৰ ফলত বহু বনভূমি ধ্বংস হোৱা পৰিস্থিতি সৃষ্টি হৈছিল। এতিয়া ইয়াক দখল মুক্ত কৰি বনাঞ্চলখনক পুনৰ সংৰক্ষণ কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছে বন বিভাগ।

বন বিভাগৰ সূএ মতে বুদুলুং সংৰক্ষিত বনাঞ্চলত প্ৰায় ২০ হেক্টৰ ৰবৰ আৰু তামোল বাগান সম্পূৰ্ণৰূপে উচ্ছেদ কৰা হয় । আনহাতে দেওঁশীলা সংৰক্ষিত বনাঞ্চলত প্ৰায় ১৫ হেক্টৰ বনভূমি মুক্ত কৰি তাত থকা তামোল বাগান উচ্ছেদ কৰা হয়। সৰ্বমুঠ ৩৫ হেক্টৰ বনভূমি মুকলি কৰিবলৈ সক্ষম হয় ৰংজুলি বন বিভাগে ।
ৰংজুলি বনাঞ্চলিক বিষয়া খলিলুৰ ৰহমানে জনাই যে – এই অভিযান কেৱল আৰম্ভণি । এতিয়াও বনাঞ্চলৰ বহু অংশত বাগান থকা কথা বুলি উল্লেখ কৰি তেওঁ কয় যে , আগন্তক দিনতো ধাৰাবাহিকভাৱে এই উচ্ছেদ অভিযান চলি থাকিব। বনাঞ্চল সংৰক্ষণ আৰু পৰিবেশ সুৰক্ষাৰ স্বাৰ্থত এই পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি বন বিভাগৰ ফালৰ পৰা জানিবলৈ দিয়া হয়।

এই বিশেষ অভিযানৰ প্ৰমাণিত হৈছে যে – বনাঞ্চল সংৰক্ষণৰ দায়িত্ব কেৱল চৰকাৰ বা বন বিভাগৰ নহয়, সকলোৰে সমষ্টিগত দায়িত্ব |

Leave A Reply

Your email address will not be published.