জনপ্ৰিয় অভিনেত্ৰী প্ৰিয়া মাৰাঠীৰ মৃত্যুৱে অভিনয় জগতত পেলাইছে গভীৰ শোকৰ ছাঁ
জনপ্ৰিয় অভিনেত্ৰী প্ৰিয়া মাৰাঠীৰ মৃত্যুৱে অভিনয় জগতত গভীৰ শোকৰ ছাঁ পেলাইছে l
মুম্বাইত শেষ নিঃশ্বাস ত্যাগ কৰা প্ৰিয়াই দীঘলীয়া সময় ধৰি কৰ্কট ৰোগৰ সৈতে যুঁজি আছিল l মাৰাঠী ধাৰাৱাহিকৰ পৰা অভিনয় যাত্ৰা আৰম্ভ কৰি, তেওঁ ‘কসম সে’ত ‘বিদ্যা বালি’ৰ ভূমিকাৰ জৰিয়তে হিন্দী দর্শকৰ মন জয় কৰিছিল l

‘পবিত্ৰ ৰিশ্তা’ত বৰষা চৰিত্ৰটি ৰূপায়ন কৰি তেওঁ ঘৰে-ঘৰে পৰিচিত হৈ পৰিছিল l
তাৰ উপৰিও ‘কমেডি চাৰ্কাছ’, ‘বড়ে আচ্ছে লাগতে হ্যায়’, ‘সাথ নিভানা সাথিয়া’, ‘উতৰণ’, ‘মহাৰাণা প্ৰতাপ’, ‘স্বৰাজ্য ৰক্ষক সাম্ভাজি’ আদি বহুতো জনপ্ৰিয় ধাৰাৱাহিকত কাম কৰিছিল l
২০১২ চনত অভিনেতা শান্তনুৰ সৈতে বিবাহ পাশত আবদ্ধ হোৱা প্ৰিয়াৰ শেষ কাম আছিল মাৰাঠী ধাৰাৱাহিক ‘Tuzech Mi Geet Gaat Aahe’, যি ২০২৪ চনৰ জুনত সম্পূৰ্ণ হৈছিল। তেওঁৰ অকাল মৃত্যুত টেলিভিছন জগতত এক শূন্যতা নামি আহিছে লগতে অনুৰাগী সকলে তেওঁক সদায় সঁজুৰি ৰাখিব।
