এছিয়া কাপ ক্রিকেট টুৰ্নামেণ্টৰ বাবে ভাৰতীয় দল ঘোষণা

0

১৫জনীয়া ভাৰতীয় দলটোৱে অহা ৯ ছেপ্তেম্বৰৰ পৰা সংযুক্ত আৰৱ আমিৰী ৰাষ্ট্ৰত হ’বলগীয়া এছিয়া কাপ ক্রিকেট প্রতিযোগিতাৰ বাবে সাজু হৈছে। অধিনায়ক সূৰ্য কুমাৰ য়াদৱৰ নেতৃত্বৰ ভাৰতীয় দলটোত শুভমন গীল উপ অধিনায়কৰূপে থাকিব। ভাৰতীয় ক্রিকেট দলৰ মুখ্য নির্বাচক অজিত আগৰকাৰ আৰু ভাৰতীয় টি টুৱেণ্টী দলৰ অধিনায়ক সূৰ্য্য কুমাৰ য়াদৱে আজি মুম্বাইত দলটোৰ সদস্যসকলৰ নাম ঘোষণা কৰে। দলটোৰ বাকী সদস্যসকল হৈছে- অভিষেক শর্মা, তিলক বার্মা, হার্দিক পাণ্ডিয়া, শিৱম ডুবে, অক্ষৰ পেটেল, জীতেশ শর্মা, অশদীপ সিং, বৰুণ চক্ৰৱৰ্তী, সঞ্জু চেমচন, হৰ্ষিত ৰাণা, ৰিংকু সিং, যশপ্রীত বুমৰা, আৰু কুলদীপ যাদৱ। ৱাছিংটন সুন্দৰ, ৰিয়ান পৰাগ, ধ্ৰুৱ জুৰেল আৰু যশস্বী জয়ছোৱালক এছিয়া কাপৰ বাবে অতিৰিক্ত খেলুৱৈ হিচাপে ৰখা হৈছে। উল্লেখযোগ্য যে প্ৰতিযোগিতাৰ গ্ৰুপ এত ভাৰতক পাকিস্তান, ওমান আৰু সংযুক্ত আৰৱ আমিৰী ৰাষ্ট্ৰৰ সৈতে ৰখা হৈছে।

Leave A Reply

Your email address will not be published.